পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

সমস্ত সংসাৰ নামেসে উদ্ধাৰে
 কহিলো পৰম বেদ॥
ইহাৰ প্ৰমাণ  সুলভে জানিবা
 যিজনে নামক বড়ে।
তাৰ আউৰ তীৰ্থ  ব্ৰত তপ জপ
 কৰ্ম্মতো মন নপৰে॥
ভকতিকে মাত্ৰ  কৰিবে নিশ্চয়
 জীৱন তাৰ সাম্ফল।
নামক নধৰি  মনে কৰ্ম্ম কৰি
 নুগুচৈ মনৰ মল॥
স্বৰ্গ নৰকক  কৰে আয়াযাত
 পৰম মলিন মতি।
নাহি নাহি আন  ইটো সংসাৰত
 নাম বিনে আন গতি॥

(ষষ্ঠ, ২৮৫-২৮৬)

২৩। মহাপাপী আতি অধম জাতি।
 তাকো নামে কৰে পৱিত্ৰ আতি॥
 হেনসে নাম ধৰ্ম্ম শিৰোমণি।
 পাপ অৰণ্যৰ যেন অগনি॥

(কীৰ্ত্তন, ২৩৩৭)

২৪। মহাপাপী অন্ত্যজাতি  যাৰ নাম লৈলে আতি
 ছিণ্ডে তাৰ ঘোৰ কৰ্ম্ম-বন্ধ।