পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

ইহু পৰলোকে নাম বিনে আন নাই।
চাৰিও বেদৰ ইসে মুখ্য অভিপ্ৰায়॥

(দশম, ৫৬৫ - ৫৬৭)

১৯। নামে সাধে যাৰ যেন মত অভিপ্ৰায়।
 যিবা মোক্ষ চাহে বৈকুণ্ঠত দেন্ত বাস॥
 জ্ঞানীৰো জানিবা হৰিনামে মোক্ষফল।
 নাহিকে নামত পৰে পৰম মঙ্গল॥

(দ্বিতীয়, ২৪-২৫)

২০। যাকেৰি এগুণ নাম,
 জগজন পূৰণ কাম।
 পাপী পাপ পৰাভৱ তিজৈ,
 যো মুহে লেহি অবিশ্ৰাম॥

(ভট্টিমা ৰুঃ হঃ নাট)

২১। মাধৱত যতি  হোৱে তাক প্ৰতি
 যি ফুৰে নাম সুমৰি।
 ইটো মোৰ দাস নছাড়ন্ত পাশ
 ৰাখিয়া ফুৰন্ত হৰি॥

(কীৰ্ত্তন, ১৮৪)

২২। নাম কীৰ্ত্তনত পৰে মনুষ্যৰ
 নুহি কৰ্ম্ম-বন্ধ ছেদ।