পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


১৪৷গৰুড় কেতু  ত্ৰাণৰ হেতু
 ৰাম তুমি নাৰায়ণ।
জানি লৈলো তোমাত শৰণ॥

(কীৰ্ত্তন ঘোষা, ৫৫)

১৫। গোপাল গোবিন্দ যদুনন্দন।
 কৃষ্ণৰ চৰণে লৈলো শৰণ॥

(কীৰ্ত্তন ঘোষা, ১১৪)

১৬। যদুৰায় চৰণে শৰণ দিয়ো।
 জগজীৱ সেৱক পালিয়া নিয়ো॥

(কীৰ্ত্তন ঘোষা, ১৩৩)

১৭। শুনা সৰ্ব্বজন  এড়ি আন মন
 দূৰ কৰি ক্ৰূৰ মতি৷
কৃষ্ণ নাম বিনা  ইটো কলি যুগে
 নাহি নাহি আন গতি॥
জানিয়া কৃষ্ণৰ চৰণে শৰণ
 পশিয়ো সুদৃঢ় মতি।
বোলা ৰাম ৰাম ছাড়ি আন কাম
 লভিবা পৰম গতি॥

(কীৰ্ত্তন, ১৬৩৭)

১৮। একান্ত ভকত যিটো  কৰৈ কুলোদ্ধাৰ সিটো
 ঐত কৃষ্ণ নামৰ স্মৰণে।
চিৰকাল নৰকত আছন্ত পুৰুষ ষত
 উঠি স্বৰ্গ পাৱৈ তাৱক্ষণে॥