পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

এতেকে পাপক বঞ্চা অক্ষয় পুণ্যক সঞ্চা
 নিৰন্তৰে বোলা ৰাম ৰাম॥

(ষষ্ঠ, ৫১৯৫-৫১৯৬)

১১। টাটেকীয়া যেন দাৰু পুতলাক
 যন্ত্ৰত তুলি নচাৱে।
তুমিসি চৈতন্য বোলোৱা বচন
 প্ৰভু! মোক সেহিভাৱে॥
এতেকে তোমাৰ চৰণে শৰণ,
  পশিলো প্ৰভু উদ্ধাৰা।
অদ্যাপিও মোক মোহ পাশে বান্ধি
 মাধৱ বন্ধু নামাৰা॥

(কুৰুক্ষেত্ৰ)

১২। ইসব নানান বচনৰ দৰশনে।
কৰিয়ো শৰণ একে কৃষ্ণৰ চৰণে॥

(ৰত্নাকৰ, ৭০১)

১৩। ও হৰি চৰণে লাগে শৰণ মাগো
 গোপাল গোবিন্দ।
ভৱসিন্ধু মাজে মজিলো মাধৱ
 সুমৰি নাসয় নিন্দ॥

(কীৰ্ত্তন ঘোষা, ২৮)