পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

গোবিন্দৰ নাম গুণ   শ্ৰৱণ, কীৰ্ত্তন কৰা
  অন্তকে কেশত ধৰি আছে।
ইহেন মনুষ্য জন্ম  সেন্থৰে নপাইব আউৰ
 চাৰি বেদে কহে নিষ্ঠ কৰি।
মাধৱৰ চৰণৰ  কিঙ্কৰে শঙ্কৰে কহে
  সদা ডাকি বোলা হৰি হৰি॥

(কীৰ্ত্তন, ১৮৭৫)

৩৩। হৰি ৰাম হৰি ৰাম ঘোষিয়ো ভাই।
 পাপ সাগৰে আন গতি নাই॥

(কীৰ্ত্তন, ১৭৭)

৩৪। প্ৰজাপতি পূৰ্ব্বত আনিলা বেদ চাৰি।
 তিনিবাৰ উলটায়া চাহিলা বিচাৰি॥
 এহি মাত্ৰ বিধাতা বেদত পাইলা সাৰ।
 হৰি কীৰ্ত্তনেসে তৰি দুৰ্ঘোৰ সংসাৰ॥
 বিশেষত কলিত এহিসে মহা ধৰ্ম্ম।
 হেন জানি যতনে তেজিয়ো আন কৰ্ম্ম॥

(দশম, ১২৪৮১—১২৪৮২)

৩৫। জয় কৃষ্ণ বোল নৰ মুখে।
 বৈকুণ্ঠ প্ৰয়াণ কৰ সুখে॥

(কীৰ্ত্তন ঘোষা, ৫১)