পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৩০। কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে।
 কীৰ্ত্তন নেৰিবা একো নৰে॥
 আতপৰে নাহিকে উপায়।
 বেদৰ এহিসে অভিপ্ৰায়॥
 মায়াময় পুত্ৰ দাৰ গেহ।
 কেতিক্ষণে পড়ে ইটো দেহ॥
 আক নেদেখয় কিনো অন্ধ।
 বিষয়ত তথাপি প্ৰবন্ধ॥
 আন চিন্তা সবে পৰিহৰা।
 মিছা মোৰ মোৰ বুলি মৰা॥
 অন্তকে কেশত আছে ধৰি।
 জানি ডাকি বোলা হৰি হৰি॥

(কীৰ্ত্তন, ১৪৭৪ — ১৯৭১)

৩১। কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
 কৰিয়ো কীৰ্ত্তন সমস্ত জনে॥
 আত পৰে ধৰ্ম্ম নাহিকে আন।
 ব্যাসৰ বচন বেদ প্ৰমাণ॥
 হেন জানি সুখে গৃহতে থাকি।
 হৰি হৰি বোলা সমাজে ডাকি॥

(কীৰ্ত্তন, ১৫৭৮—১৫৭৯)

৩২। শুনিয়োক বুধজন  জনম মৰণ দুঃখ
 তৰিবাৰ যাৰ ইচ্ছা আছে।