এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
হেন জানি নিৰন্তৰে এড়ি আন কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥
(কীৰ্ত্তন, ৬৫৩)
২০ । হৰি ও হৰি ৰাম মুৰাৰি।
কীৰ্ত্তনৰ নিন্দা সহিতে নাৰি॥
(কীৰ্ত্তন ঘোষা, ৮)
২১ । নেড়িবা কীৰ্ত্তন দুষ্টৰ বোলে।
পবিত্ৰ কৰা হৰি হৰি বোলে॥
( কীৰ্ত্তন, ৮৭)
২২ । ৰাম কৃষ্ণ কহ নিতে।
ভাই! ধৰি হৰিপদ চিত্তে॥
(কীৰ্ত্তন ঘোষা, ১৯)
২৩ । কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে কহে।
জানা চিৰকাল দেহা নৰহে॥
কৃষ্ণৰ কীৰ্ত্তনে সাধিয়ো গতি।
বোলা হৰি হৰি একান্ত মতি॥
(কীৰ্ত্তন, ২৭৪)
৪। কৃষ্ণৰ কিঙ্কৰে ভনে শুনিয়োক সৰ্ব্বজনে
স্থিৰ বুদ্ধি কৰি গুণা মনে।