এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
১৬ । মোৰ বাক্য সুদৃঢ় বিশ্বাস সখি কৰি।
আন দেৱ-ধৰ্ম্ম মানে সবাকো নাদৰি॥
মোৰ নাম কৰ্ম্ম কৰা শ্ৰৱণ-কীৰ্ত্তন।
তৰিবাহা সুখে সত্যে বুলিলো বচন॥
(ভক্তিপ্ৰদীপ, ১৫৭)
৭। তৈৰ হন্তে পলায় পাপ পায়া অতি হৃদি তাপ
যৈত হৰি কথাৰ প্ৰচাৰ॥
একঠাই হুয়া আসি কান্দে মহা পাপৰাশি
আবে আমি কৰো কোন কাম।
আসা পলাই যাওঁ তথা যৈত নাহি হৰি কথা
যেহেন নুশুনো হৰিনাম॥
হেন জানি সৰ্ব্বজন কৰি সাৱধান মন
শুনা ভাগৱত কথা সাৰ।
আন কাম পৰিহৰি ডাকি বোলা হৰি হৰি
হৌক কোটি পুৰুষ উদ্ধাৰ॥
(অষ্টম, ৪৪৭)
১৮ । কৃষ্ণৰ ৰহস্য কথা শুনা সৰ্ব্বজনে।
মোক্ষ পদ সাধে যাৰ শ্ৰৱণ-কীৰ্ত্তনে॥
(কীৰ্ত্তন, ৩৩)
১৯ । কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুগুতি।
ৰাম নাম বিনা কাৰো নাহিকে মুকুতি॥