পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

প্ৰেমে পুলক ভেলি কাই॥
ভকতি কৰম-বন্ধ কয়ো ক্ষীণা
কহ শঙ্কৰ পৰমাণা॥

(গীত, কেলি-গোপাল নাট)

⸺⸺

নিৰ্গুণ ভক্তি

১। সগুণ ভকতি বেদ একাশী প্ৰকাৰ৷
 নিগুণ ভকতি একেবিধ মাধৱৰ॥
 জানে মাত্ৰ মোৰ গুণ-শ্ৰৱণ মাত্ৰত।
 মোতেসে মনৰ গতি ভৈলেক সতত॥
 বেদ দূৰ ভৈলে কৰে নিষ্কাম ভকতি।
 নিৰ্গুণ ভকতি এহি কহিলো সম্প্ৰতি॥

(ৰত্নাকৰ ভাঃ, ৫০২ - ৫০৩)

২। যজ্ঞ দান ব্ৰত  সবে গুণময়
 ভকতি মোৰ নিৰ্গুণ।
 জানিয়া আমাক  স্মৰিয়ো সদায়ে
 সুহৃদ সখি অৰ্জ্জুন॥

(ভক্তি প্ৰঃ, ৩০১)