পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


৪। যাহে ভকতি তাহে মুকুতি
 ভকতি এ তত্ত্ব জানা।
যৈছে বণিক  চিন্তমণিক
 জানিয়া গুণ বাখনা॥ (বৰগীত, ১০)

৫। যাহে ভকতি  ৰকতি শকতি
 তাৰক ইহ সংসাৰ।
কীট পতঙ্গম  জঙ্গম সঙ্গম
 ভকতক পাই নিস্তাৰ॥

(ভট্টিমা, কালি দমন অঙ্ক)

৬। জপ তপ তীৰ্থ স্নান  নলাগে ধাৰণা ধ্যান
  কেৱলে ভকতি গতি সাধে।
কৰন্তে নাহিকে কষ্ট  অল্পৰো নাহিকে নষ্ট
 আক একো বিঘিনি নবাধে।
তিনিও লোকত সাৰ  ভকতিত পৰে আৰ
 নাহি নাহি আক জানা নিষ্ট।
হৃদয়ত ৰূপ ধৰে  বচনে নামক স্মৰৈ
 সি সি জন মহন্ত বিশিষ্ট॥

(প্ৰথম, ১৭৪-১৭৫)

৭। শুনিয়োক সৰ্ব্বজন  ভকতিসে মহাধন
  আন জপ যজ্ঞ ধৰ্ম্ম ধান্দা।
ভকতিসে নিজ মাতা  ভকতিসে গতি দাতা
  জানি ভকতিক গলে বান্ধা॥