পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


ভকতিত দিয়া মতি  ভকতিত কৰা ৰতি
 ভকতিসে পৰলোক-বিত।
কৰিয়ো ভকতি নিত  হেনসে ভকতি হিত
  মৰণতো নেৰৈ কদাচিত॥

(ষষ্ঠ, ৮২)

৮। ভকতিসে মাতা ভকতিসে পিতা
  ভকতিসে বন্ধুজন।
ভকতি সুহৃদ সোদৰ-বিধাতা
 ভকতিসে মহাধন॥
ভকতিসে গতি ভকতিসে মতি
 ভকতিসে দেৱ নিজ।
ভকতিসে চিত্ত ভকতিসে বিত্ত
 ভকতি মোক্ষৰ বীজ॥
ভকতি সদায় সহায় ভকতি
 জীৱন যৌৱন প্ৰাণ।
ইহ পৰলোকে   ভকতি বিনায়
 নাই নাই গতি আন॥
জানি সৰ্ব্বজন ভকতিত মন
 দিয়া ত্যজি আন কাম।
জন্মক সাম্ফলি নিৰন্তৰে নৰে
 ডাকি বোলা ৰাম ৰাম॥

(দশম, ২২১-২২২)