পৃষ্ঠা:ময়না.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
ময়না


 সৰ্বেশ্বৰ—হয়, হুজুৰ।

 চাহাব—তোমাৰ ঘৰ কত আছে?

 সৰ্বেশ্বৰ—নগৰতে, চাৰ, হুজুৰ।

 চাহাব—নগৰ, কোন নগৰ, এই নগৰ?

 সৰ্বেশ্বৰ—হয়, হুজুৰ।

 চাহাব—What can I do for you? তোমাৰ কাৰণে কি কৰিব পাৰোঁ?

 সৰ্বেশ্বৰ—মই চবডিপুটি কলেক্টৰৰ কাৰণে দৰ্খাস্ত কৰিছোঁ, হুজুৰ।

 চাহাব—চব-ডিপুটি কলেক্টৰ! আজি কালি টান দিনত চব-ডিপুটি কলেক্টৰি কাম পোৱা মস্কিল। তোমাৰ পিতাৰা কোন?

 সৰ্বেশ্বৰ—মোৰ পিতাক হুজুৰে জানিবও পাৰে? তেওঁৰ নাম বাপুৰাম বৰুৱা। কিছুমান দিন চৰবৰাহকাৰ আছিল। এতিয়া খেতি কৰে। তেওঁ ধনী আৰু মানী। (rich and respectable).

 চাহাব—Oh, that is very good. (বৰ বঢ়ীয়া কথা)। You are Bapuram's son—a nice old man (তুমি বাপুৰামৰ পুতেক, বঢ়ীয়া বুঢ়া মানুহ জন।) You want to be a Sub-Deputy Collector, It is very right. But in my opinion, Babu, you youngmen of Assam should take to cultivation. (তুমি চব-ডিপুটি হব বিচাৰা। ভাল কথা। কিন্তু, বাবু, মোৰ মতেৰে হলে, তোমালোক ডেকাবিলাকে খেতি হে কৰিব লাগে।)

 সৰ্বেশ্বৰ—How can we take to cultivation, your honour? It is not paying, not also quite respectable.

 (খেতি কেনেকৈ কৰোঁ, হুজুৰ। তাৰ পৰা আয় নহয়; আৰু বৰ মানীলোকৰ ব্যৱসায়ো নহয়।)

 চাহাব—But you were telling me just now that your father was a respectable gentleman, although he was a cultivator. And why not you! (কিন্তু তুমি মোক এতিয়াই কৈছিলা, তোমাৰ পিতাৰা খেতিয়ক হলেও ধনী মানী। তুমি নো নহবা কিয়?)

 (এই কথা আখৰে সৰ্বেশ্বৰৰ গাটো বিন্ধি গল। কিন্তু চাহাবে কথাখিনি ইমান মিহি সুৰত মিঠা হাঁহি মাৰি কলে, যে চাহাবে আচলকৈ ঠাট্টাই কৰিলে নে সজ উপদেশকে দিলে বুজিবলৈ টান। )

 চাহাব–(অলপ পৰ থমকি) Have you got anything else!

 সৰ্বেশ্বৰ—Your honour's kindness, Sir. If you take pity, Sir, I may be favoured with the appointment

 (হুজুৰৰ দয়া। হুজুৰে অনুগ্ৰহ কৰিলে কামটো দিব পাৰে।)

 চাহাব—Oh, yes your application will receive all consideration.(অকণমান ৰই) You see, I am so busy, good morning (নিশ্চয়, তোমাৰ দৰখাস্ত সুন্দৰৰূপে বিবেচনা কৰা হব।...নেদেখিছা, মোৰ বহুত কাম। গুডমৰ্ণিং।)

 সৰ্বেশ্বৰে শিকি থইছিল যে চাহাবে গুড্ মণিং বুলিলে আৰু ৰব নাপায়; আৰু কোনো আমোলা বন্ধুৰ পৰা ইয়াকো বুজি লৈছিল যে আহোঁতে চাহাবৰ ফালে পিঠি দি আহিব নাপায়। সৰ্বেশ্বৰে এই বাৰো হালি চালাম দিলে, আৰু চাহাবৰ ফালৰপৰা মুখ নুঘূৰোৱাকৈ অফিছৰুমৰ দুৱাৰ মুখ পালেহি। তাতে আকৌ এটা চালাম দি ওলাই আহিল। তেওঁৰ মনত হল যেন অগ্নি-পৰীক্ষাত হে উত্তীৰ্ণ হল।

ময়না-৩