পৃষ্ঠা:ময়না.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
ময়না


বা জোঁৱাইৰ কাৰণেই ৰিজাৰ্ভ কৰি থোৱা নাছিল; বা কেৱল বিশেষ ৰকমৰ কছৰত জানা অতি ভাগ্যৱান লোকৰ ভাগ্যত হে ঘটিছিল, এনেও নহয়। সাধাৰণ তৰপৰ গ্ৰেজুবেট্‌ হলে কেতিয়াবা ভুল প্ৰমাদত এই হাকিমী বিষয়খন পাইছিল। সৰ্বেশ্বৰৰো বৰ মন হাকিম হবলৈ। বিশেষ কৰি সেই মণ্ডলটো, যি তেওঁক তাহানিখন অনেক মানুহৰ আগতে তঁয়া-হঁয়া কৰি অপমান কৰিলে, তাৰ অলপ সেকা দিব নোৱাৰিব নে! আৰু ভাগী এঘৰেৰে সৈতে মাটিৰো গোলমাল!

 সৰ্বেশ্বৰৰ দেউতাকে পাঁজি চাই ঠিক কৰি দিয়া দিনৰ দিনা পুৱা নও মান বাজিবৰ সময়। সৰ্বেশ্বৰৰ গাত কলা পোছাক এজোৰ, থুতুৰিলৈকে উঠা বৰ বগা শকত কলাৰ, মূৰত বাবু-টুপী। পোছাক জোৰ বৰ টাইট হৈছে, কোটটোৰ বুটাম কেইটা টানি মানি হে মাৰিব পাৰিছে, বুকৰ পোনে উশাহ লওঁতে ছিগি যায় যেন। কলাৰটো ইমান ওখ, গলটোও ইকাটি সিকাটি কৰা টান। গৰমৰ দিন, সৰ্বেশ্বৰ ঘামতে তলমল।

 বৰ চাহাবৰ বঙলাৰ সমুখ। বাহিৰৰ পৰাই দেখি, চাহাবে অফিছত বহি ঘামি জামি কাম কৰি আছে, কামিজটোৰ হাত দুখন কোঁচোৱা, গলৰ বুটাম খোলা, গাত কোট নাই, মুখত পাইপৰ নল ওপৰত চাউপ চাউপ কৰি পাংখা চলিছে। সৰ্বেশ্বৰে অতি সন্তৰ্পণে ইফালে সিফালে চাই প্ৰবেশ কৰিলত চাপ্ৰাচী আহি সমুখত থিয় হল। সৰ্বেশ্বৰে কাৰ্ডটো তাৰ হাতত দি কলে,—

 সৰ্বেশ্বৰ – কাৰ্ডটে৷ চাহাবক দিয়াগই হে।

 চাপ্ৰাচী—চাহাব নাই বাবু।

 সৰ্বেশ্বৰ—কিয়, সৌৱা দেখোন কাম কৰি আছে।

  (চাপ্ৰাচী নীৰৱ) নিয়া হে, মোৰ সকাম আছে।

 চাপ্ৰাচী—সকাম আছে যদি দেখোন তুমিয়েই দিব পাৰা।

 সৰ্বেশ্বৰ— ধৰা ধৰা নিয়া।

 (জেপৰপৰা আধলি এট৷ উলিয়াই কাৰ্ডটোৰ লগতে দিয়ে। চাপ্ৰাচীএ সাধলিক কাৰ্ডৰ প্ৰথমটো নিজৰ পকেটত থই আৰু দ্বিতীয়টো চাহাবৰ আগত দি ক্ষন্তেকতে ফিৰি আহিল।)

 চাপ্ৰাচী—চালাম দিছে বাবু।

 (সৰ্বেশ্বৰে কি কৰিব লাগে বুজিব পাৰা নাই। চালাম দিয়া অৰ্থ যে চাহাবে মাতিছে, এই কথা তেওঁৰ শ্ৰুতিগোচৰ হোৱা নাছিল। চাপ্ৰাচীএ বুজিব পাৰি ওঁঠদুটাৰ মাজত অকণমানি হাঁহিৰ ৰেখা ৰেঙাই কৈছে),

 চাপ্ৰাচী— চাইছা কি বাবু? চাহাবে তোমাক মাতিছে ভিতৰলৈ যোৱা।

 (সৰ্বেশ্বৰে জোতাৰ শব্দ নোহোৱা কৰি বৰ সাৱধানে চাহাবৰ অফিছ ৰুমৰ দুৱাৰমুখ পাই মুখেৰে একো নামাতি দীঘল কৰি হালি ঢালাম দিলে।)

 চাহাব–Come in Babu.

 ভিতৰলৈ আহা, বাবু। (সৰ্বেশ্বৰ ভিতৰ সোমাই গল।)

 চাপ্ৰাচীএ—মনতে ভাবিছে, “এই নতুন বাবুবোৰ বৰ বুৰ্ বক্‌। চাকৰি এটা পালে দুদিনৰ পাছতে এওঁৰে আকৌ ফুটনি চাই কোনে?”

 চাহাব–You can take a seat. বহিব পাৰা।

 (সৰ্বেশ্বৰ বহিল; কিন্তু সিও তেওঁৰ এক শাস্তি হে হল। চুট জোৰা গাত ইমান টান হয় যে পিঠি বুক টানি বহিলে হে কথমপি বহিব পাৰি; কলাৰটোই গলত ধৰে; ইফালে আকৌ যিখন ধনঞ্জয় মাৰ্চিয়া হে দিলে বহিবলৈ! তেও, চাহাবৰ কথ৷ পালন কৰিলে।

 চাহাব–(ইংৰাজীত) তুমি গ্ৰেজুৱেট আছা, বাবু।

 সৰ্বেশ্বৰ—হয়, হুজুৰ। (Yes, your honour),

 চাহাব—তোমাৰ নাম হৈছে–হৈছে—(কাৰ্ডটো চাই) সৰ্বেশ্বৰ বৰুৱা?