পৃষ্ঠা:ময়না.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
ময়না


ৰাজনীতি কথা কব ভাল পায়; আৰু নিজক দেশ নায়ক বুলি অন্তৰত ভাবে। এম-এৰে নো কি কৰিবাহঁক! নেদেখিছা আমি অতদিনে চিঞৰি আছোঁ—বোলোঁ আমাৰ ২০/২৫ জন এম-এ আছে, তাৰে এজন হলেও কটন কলেজত সুমাই দিয়া। আজিকালিৰ গবৰ্নমেণ্টে আমাৰ দৰে মানুহৰ কথা শুনে কত! এতিয়া আৰু ৰায় বাহাদুৰ, খাঁ-বাহাদুৰৰ হে দিন! তেওঁলোকে আকৌ চাহাবক চালাম হে দিয়ে, দেশৰ কথাত হলে নেমাতে! আমি কি কৰিম!

 বৰুৱা ডাঙৰীয়াই ভাল কথাখন কয় হয়! ৰায় বাহাদুৰৰ হে দিন! হিঃ হিঃ হিঃ!

 দুৱৰা কাণে নুশুনা মানুহ। কোনে কি কলে একো নুশুনিলে। কিন্তু নাহাঁহিলে কি জানি ৰস ৰক্ষা নপৰেই, ইয়াকে ভাবি তেৱোঁ হাঁহিত যোগ দিলে।


(৩)

 ৰান্ধনি ঘৰৰ মজিয়াত সৰ্বেশ্বৰ, দেউতাক সৰ্বেশ্বৰৰ ভায়েক কেইটি ভাত খাবলৈ বহিছে। মাকে ভাত দি উঠি অলপ আঁতৰতে থিয় হৈ আছে।

 সৰ্বেশ্বৰৰ মাক মই হলে কওঁ, বৰমইনা আৰু গুৱাহাটী বা কলিকতা এইবোৰ বঙলুৱা দেশলৈ যাব নেলাগে। ঘৰতে থাওক।

 সৰ্বেশ্বৰৰ পিতাক—ঘৰত থাকি নো কি কৰে!

 মাক—কেলেই, বি-এ পাছ কৰি সৌ হেমকান্ত চবডিপুটি হৈছে নহয়। কৃষ্ণনাথ মুঞ্চুপ তেও বি-এ-হে পাছ। বৰমইনাও হাকিম বা মুঞ্চুপ কিবা এটা হওক।

 পিতাক–পালেহে আকৌ।

 মাক—নাপাব নো কেলেই! বাৰীৰ টেঙা মাটি-কঁঠালটোৰ পৰা চেহাবৰ বঙলালৈ ভাৰে ভাৰে যাবই লাগিছে! আপুনি চেহাবক কওক, মইনাক ভাল কাম এটা দিয়ক।

 সেই বঙাল হাকিমটোক খেদি দেখোন মইনাক দিলেই হয়। সেইপাতে বোলে আমাৰ মাত-কথাকে নুবুজে। সিদিনা আহিনী বাই কৈছিল নহয়। তেনেটো হাকিমক আমাৰ ইয়াত কেলেই! আপুনি চাহাবক বুজাই দিব।


(8)

 সৰ্বেশ্বৰৰ শোৱনি ঘৰ। সেই দিনাই নিশা শুবৰ সময়। সৰ্বেশ্বৰে বিছনাত পৰি ইকাটি সিকাটি কৰি আছে; টোপনি অহা নাই। ঘৈণীয়েক আহি সোমাল।

 সৰ্বেশ্বৰ–আহিলা নে কথমপি? বৰ সোনকাল দেখোন!

 ঘৈণীয়েক—পলম হলে নো আমি কি কৰিব পাৰোঁ। আমি আৰু ঘৰৰ বেটী হে! সাজ ধোঁতে ঘৰ লিপোঁতে অলপ দেৰি হয় আৰু।

 সৰ্বেশ্বৰ–এৰা কি কৰিবা? নিজে উপাৰ্জন কৰিব নোৱাঁৰো মানে আছে আৰু কষ্ট।

 ঘৈণীয়েক–নিজে নো উপাৰ্জন নকৰে বা কিয়? এতিয়া বোলে বি-এ নে থি-এ কিবা পাছ নে আগ হৈছে। কিবা এটা দেখোন ভাল চাকৰী ললে হয়।

 সৰ্বেশ্বৰ—চাকৰী নো দিয়ে কোনে হে?

 ঘৈণীয়েক—আয়ে কৈছে নহয় বোলে হাকিম বা মুঞ্চুপ কিবা এটা হওক।

 সৰ্বেশ্বৰ—তুমি আৰু তোমাৰ আয়েৰাই কাম দিব পৰাহেঁতেন তো আছিলেই! কাম পাছে দিয়ে চাহাবে হে।

 ঘৈণীয়েক—আমি সেইবোৰ কি জানো দেও হে। “শাক খাওঁ পাত খাওঁ, কি জানো মেলেছৰ নাও।” আমাৰ মনেৰে হলে আৰু পঢ়িব নেলাগে, বুঢ়ালৈ নো কোনোবাই পঢ়ে নে?