দিল্লীকা-লাড্ডু
নাটক
নান্দী।
জংঘামধ্যস্পৰশিকামিজঃ
গোৰালিস্পৰ্শিধুতিঃ।
হেজ্ লিন্-স্নোনা শোধিতবদনঃ
নিৰ্মুক্ত-গোম্ফদাড়িঃ।
মুখে ফুটদাখৈয়ানামিব
মিহলীংৰাজিবুলিঃ।
ডিগ্ৰীগ্ৰস্তঃ মুৰাৰিৰব সঃ
ৰক্ষতু বঃ বুকাৰিঃ।
⸻০⸻
প্ৰস্তাৱনা—সূত্ৰধাৰ
খাইছানে দিল্লীৰ লাৰু – যাক খালেও পস্তাব লাগে নাখালেও পস্তাব লাগে। বোধকৰোঁ খাইছা, হয়তো গম পোৱা নাই।
বি-এ পাছ! বি-এ পাছ! বি-এ পাছ কৰি নো ভালেই হয় নে বেয়াই হয় কোনোবাই কব পাৰা নে?
যি দিনা পৰীক্ষাটো দি উঠিলা, সেই দিনা তোমাৰ মূৰৰপৰা প্ৰকাণ্ড এটা বোজা নামিল, —তোমাক সপোনত জানিবা জবকাই হেঁচা মাৰি ধৰিছিল, তুমি কক-বকাই মক-মকাই বক-বকাই আছিলা; সাৰ পাই দেখিলা, ভীষণ কিবাই তোমাৰ সমস্ত প্ৰাণটোৰ ৰস চেপি উলিয়াই আছিল সি আচলতে সপোন হে!
তাৰ পাছত প্ৰায় তিনটা মাহ নিৰুপদ্ৰৱত নিৰুদ্বেগত ঘৰে ঘৰে জা জলপান খাই, পুৱা দেৰিকই শুই উঠি আবেলি সোনকালে ফুৰিব ওলাই, গধূলি তাছ-পাশা খেলি, সকলোৱে দেখনিয়াৰ হই – এইদৰে তিনিটা মাহ কটালা। তুমি যেনিবা উদং-খোৱা গৰু, অভিভাৱকৰ