সমললৈ যাওক

পৃষ্ঠা:ময়না.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
ময়না


আদৰ, সকলোৰে প্ৰশংসমান স্নেহ — এইবোৰে পৃথিবীতে মোৰ কাৰণে এখন স্বৰ্গৰাজ্য সৃষ্টি কৰিছিল।

 পাছত ইস্কুললৈ গলোঁ। তাতো শিক্ষকৰ দয়া, লগৰীয়া ছোৱালীৰ সহানুভূতি, কাৰো কাৰো ঈৰ্ষা,— এইবোৰে মোৰ জীৱনটোক ফুলিব ধৰা ফুলটোৰ দৰে প্ৰফুল্ল কৰি ৰাখিছিল। প্ৰাইজ দিয়া সভাত মোৰ গীতৰ লয়, মোৰ অঙ্গৰ ভঙ্গী, মোৰ মাতৰ সুৰে দৰ্শকসকলক মুগ্ধ কৰি হাতচাপৰিৰ পূৰা মাছুল উছুল কৰিছিল; আৰু সমূহ লোকৰ প্ৰশংসাৰ সুৰে মোৰ সমস্ত শৰীৰত তীক্ষ্ণ অনুভূতিৰ আনন্দ-ধাৰা বোৱাই দিছিল। আৰু যেতিয়া কলেজ পালোঁ গৈ, ঘোঁৰাৰ গাড়ীৰ খিৰিকীৰে দেখা কলিকতা নগৰৰ আলিবাট, আলিবাটৰ অসংখ্য মানুহ, কলেজৰ ছাত্ৰৰ গাড়ীখনৰ প্ৰতি লুব্ধ দৃষ্টি, এনে অসংখ্য ঘটনাই মোৰ অন্তৰত আনন্দৰ লহৰ তুলি দিছিল। যি কচোৱানে আমাৰ গাড়ী চলাইছিল, মই গাড়ীৰ ভৰিদানত ভৰি দিয়া সময়ত তাৰ শৰীৰতো কি জানি এটা পুলকে ক্ষণেকৰ কাৰণে খেলা কৰি গৈছিল। কলেজত প্ৰফুল্লতা, ৰূপ, বুদ্ধি আৰু কথা কাটাকাটি কৰাত মোৰ এটা খ্যাতি আছিল, যাৰ কাৰণে আজি এই ঊখৰ অন্তৰতো মই অলপ গৌৰৱ অনুভৱ নকৰি নাথাকোঁ।


( ৬ )

 “এদিন আমাৰ কলিকাতাৰ ঘৰত ড্ৰইং ৰুমত বহি আছোঁ। তেতিয়৷ কলেজ এৰিলোঁ। অনেক বঙালী কাকতত মোৰ গল্প প্ৰবন্ধ ছপা হয়। কিছু অৰ্থৰ কাৰণে, কিছু বিদ্যাৰ কাৰণে আৰু নিশ্চয় অনেক পৰিমাণে মোৰ ৰূপৰ কাৰণে, আমাৰ ড্ৰইং ৰুমত সদায় সন্ধ্যাৰ সময়ত অনেক বন্ধু-বান্ধৱৰ সমাগম হয়।

 এদিন গধূলি আহিল কি এক দিব্য কান্তিৰে বিভূষিত হৈ এজন ডেকা; তেওঁৰ মুখত গাম্ভীৰ্য্য, কথাত বিদ্যা আৰু চকুত প্ৰতিভাৰ দীপ্তি ফুটি উঠিছিল। সৰহ নকওঁ, তেৱেঁ মোৰ স্বামী হল। আৰু তেওঁৰ লগতে মই এইখিনি পালোঁহি।

 তেওঁৰ টকাৰ অভাৱ নাছিল, স্বাস্থ্যৰ অভাৱ নাছিল, সৌন্দৰ্য্যৰ অভাৱ নাছিল। কিন্তু অভাৱ আছিল তাৰে, যিহৰ প্ৰতি তীব্ৰ তৃষ্ণাই মোৰ সমস্ত দেহ, সমস্ত মন আৰু সমস্ত প্ৰাণ ভৰাই থৈছিল। তেওঁৰ অগাধ বিদ্যা, দেশ-বিদেশৰ কাগজ পত্ৰত তেওঁৰ খ্যাতি! দেশ বিদেশৰ কাগজ পত্ৰত তেওঁৰ খ্যাতি। দেশ-বিদেশৰ জ্ঞানী লোকে তেওঁৰ ওচৰলৈ জ্ঞানৰ পিপাসা পূৰাবলৈ আহিছিল। কিন্তু মোৰ অন্তৰৰ যি তৃষ্ণা, যি তীক্ষ্ণ দুখ-সুখেৰে ভৰা এক মহা পিপাসা, বোধ কৰোঁ তেওঁ তাৰ বুজকে নাপাইছিল।

 তেওঁ যে মোক আদৰ নকৰিছিল, মোৰ মনত ভাল লগাৰ চেষ্টা নকৰিছিল, তেনে নহয়। তেওঁ মোৰ মন প্ৰফুল্ল ৰাখিবলৈ ঘৰত গান-বাজনাৰ যন্ত্ৰ ৰাখিছিল, বাহিৰত ফুৰিবলৈ ঘোঁৰা বাগী অনাইছিল, ব্ৰহ্মপুত্ৰৰ বুকত ধেমালি কৰিবলৈ ঘাটত ‘জলি-বোট’ বান্ধি থৈছিল। কিন্তু এই সকলোকে কিবা এটা জ্ঞানৰ নীৰসতাই, তুলা স্তূপৰ দৰে কিবা এটা কোমল শুষ্কতাই আবৰি থৈছিল। তেওঁৰ অন্তৰত প্ৰেমৰ ৰসবিহ্বল আনন্দ আকুল সৰসতাৰ যেন ঠাই নাছিল। কব লাগে নে যে অৰ্থৰ সহস্ৰ সাজ-সজ্জাৰ মাজতো নাৰীৰ ওচৰত এনে আত্মাহীন আড়ৰ যাতনাৰ যন্ত্ৰ মাথোন? দেখাত মই সুখী আছিলোঁ; আৰু মোৰ অন্তৰখনত মানুহৰ সেই আদিম ৰসৰ সৰস্বতীৰ সোঁত নোবোৱা হলে কি জানি মই ভিতৰতো সুখী হব পাৰিলোঁহেতেন।