পৃষ্ঠা:মণিকুট.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
মুক্তিখণ্ড।

আৰু কিবা মই কৰিবো স্তুতি।
আপোনি জানাহা মনৰ বৃত্তি॥
হেন শুনি হৰি মাতিলা হাসি।
কিবা ইষ্ট সাধা কয়ো প্ৰকাশি॥৪৫
ঋষি বোলে যদি দিবাহা বৰ।
মণিকুটে হৌক তোমাৰ ঘৰ॥
গিৰিবৰ ইটো অতি বিশিষ্ট।
আতে থাকি সাধা লোকৰ ইষ্ট॥৪৬
কলিযুগে হৈব লোক মলিন।
ভ্ৰষ্টাচাৰ হুয়া ক্ষেপিবো দিন॥
জাতি, কুল, এৰি বোলাইবে ভক্ত।
দিনে দিনে হুইব পাপত ৰত॥৪৭
মিছা সাক্ষী হুয়া কৰি কপট।
এহি দোষে লোক হুইবেক নষ্ট॥
আপুন পুৰুষ গণক হেলি।
মাতিবেক মিছা সাক্ষীৰ বেলি॥৪৮
সত্য অসত্যক বিচাৰ নাই।
মাতিবেক মিছা বিতক পাই॥
পৰৰ বস্তুক বুলিবে মোৰ।
হুইবেক খলুৱা টেটন চোৰ॥৪৯