পৃষ্ঠা:মণিকুট.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মণিকুট।

প্ৰভাত সময়ে ৰাজা সাগৰক যাই।
বিধি মতে স্নান কৰিলন্ত মহাৰায়॥
স্নান কৰি মহাৰাজা নিচিন্তিলা আন।
দেখিলন্ত মহা বৃক্ষ পৰম সুঠাম॥২৪
পৰম উশ্ৰিত বৃক্ষ গুৰি থূলন্তৰ।
সূৰ্য্য সম প্ৰকাশ কৰয় নিৰন্তৰ॥
মহাকায় বৃক্ষ, পত্ৰ-ফলে বিৰহিত।
মাজাঠিৰ বৰ্ণ, নাম জাতি বিবৰ্জ্জিত॥২৫
জল সমীপত বৃক্ষ সুতিয়া আসন্ত।
অৰ্দ্ধখান জলে আৰ কৰিয়া আছন্ত॥
বিষ্ণুৰূপী দ্ৰুম দেখি ৰাজা হৰ্ষ ভৈলা।
হাতত কুঠাৰ ধৰি চেদিবাক গৈলা॥২৬
সাতখণ্ড কৰি বৃক্ষ ৰজায়ে চেদিলা।
জল হন্তে নিয়া পাছে পৃথিৱীত থৈলা॥
তাৰ মূল ভাগ ৰজা মহা যত্ন কৰি।
উৰেষাত থাপিলন্ত জগন্নাথ হৰি॥২৭॥
তাৰ ঊৰ্দ্ধ খণ্ড ৰামে কাশ্মীৰে থাপিলা।
কৱন্ধ আকাৰ কৰি সূৰ্য্য নাম দিলা।
তাৰ ঊৰ্দ্ধ ভাগ সোলাদিত্য নাম কৰি।
গুৰ্জ্জে থাপিলন্ত হেন জানিবা সুন্দৰী॥২৮