পৃষ্ঠা:মণিকুট.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মখণ্ড

জ্বলন্ত আদিত্য সম শৰীৰ জ্বলয়।
নীল বৈদূৰ্য্যৰ জ্যোতি প্ৰকাশ কৰয়॥।
গৰুড় আসনে বসি অষ্টভুজ ধৰি।
নৃপতিক মাতিলন্ত অল্প হাস্য কৰি॥১৯
“অকাৰণে শোক নকৰিবি ৰজা তঁই।
তোহোৰ ভক্তিত মহা তুষ্ট ভৈলোঁ মই।॥
মহাশুদ্ধ ভাবে দান, যজ্ঞ আচৰিলি।
এহি হেতু মোক তঁই সন্তোষ কৰিলি॥২০
যিহেৰে প্ৰতিমা এবে কৰিবি ভূপাল।
হেনয় বৃক্ষক তই দেখিবি সকাল।॥
সিটো বৃক্ষ গোট দেখি চেদিয়ো সত্বৰে।
প্ৰভাততে গৈ বৃক্ষ দেখিবি উত্তৰে॥২১
চেদিবাৰ মহা বৃক্ষ দেখিয়া চিন্তিবা।
এহিসে প্ৰতিমা যোগ্য তেখনে জানিবা॥
সেহি কাষ্ঠে এৰে দিব্য প্ৰতিমা সাজিবা।
চিন্তা, মোহ দূৰ হব সন্তোষ লভিবা॥২২
এহি বাক্য বুলি হৰি অন্তৰ্ধ্যান হৈলা।
স্বপ্ন দেখি ইন্দ্ৰদ্যুম্ন বিস্ময়ক গৈলা॥
বৈষ্ণৱ মন্ত্ৰক জপি কৰি মন থিৰ।
ৰাত্ৰিক অপেক্ষা কৰি ৰৈলা মহা ধীৰ॥২৩