পৃষ্ঠা:মঞ্জৰী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
 

সামৰণি

(১২০)

মন্দাৰ কুঞ্জত বহি
লেখোতে ৰূপৰ ঢউ
 অজান বিহগী সুৰে বুকু ভেদি যায়:
নেদেখিলোঁ পৰাগৰ
মিলন বিৰহী স্বপ্ন
 ৰঙাতেজ ঢালি দিয়া কেঁচা কলিজাই।


(১২১)

নপৰিলে দু-চকুত
ৰূপৰ অনন্ত জ্যোতি
 নজ্বলিলে সুন্দৰৰ সেন্দূৰীয়া ছবি;
নেগাঁথিলে মালিনীয়ে
আৱেশ মাধুৰী মালা
 পূৰ্ণ কৰি মনোৰথ বিৰহিণী কবি।