পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬৪ ]

আৰু লগুৱা দুয়ো ধেমেলীয়া। মোৰ লগত বলক, মোৰ তাতে আজি খোৱা-বোৱা কৰিব।

 কা, কলি— দেউতা! এইৰ লগত নাযাব। যাবৰ হলে আগেয়ে পেটটো বঢ়াই লৈ যাওক।

 কা, নিৰণ—কিয়?

 কা, কলি— নাজানে নে, ডাইনীৰ লগত খাবলৈ বহিলে খায়েই হে থাকিব, উঠিব আৰু নোৱাৰে।

 কা, নিৰণ—তই মোক খাবলৈ মাতিছ? কৰবাৰ এই জনী ডাইনী! মোক এৰি গুচি যা ইয়াৰ পৰা!

 সোণপাহী— মোৰ হীৰা-পতোৱা আঙ্গঠিটো যে আপুনি আনি মোক হাৰ গছ দওঁ বুলিছিল, তাকে দিয়ক, নহলে মোৰ আঙ্গঠিটোকে ওভোটাই দিয়ক। মই গুচি যাওঁ। মই ইয়াত দন্দ কৰিবলৈ অহা নাই।

 কা, কলি—এই নো কি ডাইনী ঔ! অইন বোৰ ডাইনীয়ে কটা-নখ, কাপোৰৰ দহি, চিগা-চুলি, গাৰ মলি, ছালৰ কুটা, চিগা-বজি, তামোলৰ বাকলি, আৰু ভৰিৰ ধূলি হে বিচাৰে। এই দেখোন কয় বোলে আঙ্গঠিটোকে দিয়া, নাইবা হাৰ-গছকে দিয়া। এৰ সোণলৈ বৰ হেপাহ। দেউতা সাৱধান! এইৰ গতি দেখোন কেনেবা হে। আপুনি কুটা এডালকে নিদিব, দিলেই এই আমাক চলিব।

 সোণপাহী— ডাঙ্গৰীয়া! কাবৌটি কৰি মাতিছোঁ,