পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬৩ ]

কোনোবা জাহাজ মেলিব নে? আৰু আমি যাব পাৰিম নে?

 কা, কলি—আজি ৰাতিয়েই এখন জাহাজ মেলিব বুলি মই এঘণ্টাৰ আগেয়ে আপোক কৈ নগৈছিলো; তেতিয়া আপোনাক কোটোৱালে ধাৰ ৰাখিছিল নহয়। তাক দি মুকলি হবলৈ মোক আনিবলৈ পঠিওৱা টকা এইয়া।

 কা, নিৰণ—তোক কিহবাই পাইছে; মোৰে সেইয়ে গতি। আমি কেৱল ভ্ৰমতেই ফুৰিছো। হে প্ৰভু ! আমাক বিপদৰ পৰা পৰিত্ৰাণ কৰা!

সোণপাহীৰ প্ৰবেশ।

 সোণপাহী—ভাল পালোঁ, ভাল পালোঁ; অ সোণাৰিক লগ পাইছিল হবলা। মোক আজি দিব খোজা হাৰ এই গছেই নে কি?

 কা, নিৰণ—ডাইনী! মোৰ ওচৰলৈ নাচাপিবি!

 কা, কলি-দেউতা! এই জনীয়েই ডাইনী নে?

 কা, নিৰণ—এৰা।

 কা, কলি— নহয়, এই ডাইনীৰ বুঢ়ী মাক হে। নেদেখিছে কেনে মূৰ্ত্তি। অ সুন্দৰাৰ বেশ ধৰি আমাক ভূলাই নিবলৈ আহিছ। দেউতা! আপুনি তাইৰ ওচৰলকে নাযাব। গুচি যা বেটী!

 সোণপাহী— ডাঙ্গৰীয়া, আপোনালোকৰ গিৰীহঁত