পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৬ ]

এতিয়াই যা। কোটোৱাল। বল, ধন নাহে মানে মই বন্দীশালত থাকো গৈ।

[ অনিৰাম, সোণেশ্বৰ, কোটোৱাল, আৰু
মা, নিৰঞ্জনৰ প্ৰস্থান।

 কা, কলি—তৰাৰ বায়েকৰ তালৈ? তৰা নো কোন? অ, অথনি যে দুপৰীয়া ভাত খাইছিলোঁ সেই ঘৰতে সেই ছোৱালীটিকে তৰা বুলিছিল নহয়। তেওঁৰে বায়েকৰ কথা কৈছে হবলা, হয়! যত ভাদৈয়ে মোক পৈ বুলি ধৰিছিল। তাই হে যি জনী নই আঁকোৱালেও নাপাওঁ। কি কৰিম, যাবৰ মন নহলেও যেনেতেনেকৈ যাবই লাগিব। গিৰীহঁতৰ আজ্ঞা লগুৱাই পালিবই লাগিব।

[ প্ৰস্থান।