পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৪ ]

একো কথা নাই, তোমাৰ যিহকে ইচ্ছা তাকে কৰা। কিন্তু মই যদি যথাৰ্থতে ময়েই, তেনেহলে মই থিক জানোঁ যে তোমাৰ বাইদেৱাঁ মোৰ তিৰোতা নহয়; আৰু তেওঁৰে মোৰে কোনো সম্বন্ধ নাই। মোৰ মনক তোমাৰ মন-মোহা কথাই তোমালৈ হে টানি নিছে। জল-কুঁৱৰী! তোমাৰ বাই- দেৱৰ চকুৰ পানীত মোক বুৰাবলৈ চেষ্টা নকৰিবা; তোমাৰ সুললিত গীতেৰে তোমাৰ প্ৰেম-সাগৰতে বুৰুৱাঁ। ঢৌৰনিচিনা তোমাৰ নীল-বৰণীয়া চুলি বিস্তাৰ কৰি দিয়া, তাতেই মই সুখেৰে বিশ্ৰাম কৰোঁ; আৰু তাতে পৰি মনে মনে ভাবিম যে এনে সুখ-শয্যাত মৰিবলৈ পোৱাটোও পৰম ভাগ্যৰ কথা।

 তৰা—বলিয়া হইছেনে কি? আপুনি যে এনে কথা কৈছে।

 কা, নিৰণ— মই বলিয়া হোৱা নাই, বিমোৰ হে হৈছোঁ; কিয় কব নোৱাৰোঁ।

 তৰা—সেইটো আপোনাৰ চকুৰ দোয।

 কা, নিৰণ— তোমাৰ উজ্জ্বল মুখৰ জেউতিয়ে চকুত জলক লগালে।

 তৰা— যাক চালাগে তেওঁক চাওক, চকুৰ জলক নাইকিয়া হব।

 কা, নিৰণ—তেওঁক চালে আন্ধাৰত চোৱা যেন হে লাগে, প্ৰিয়ে।