পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪২ ]
 

 মা, নিৰণ—এৰা, হয়, তালৈকে আহিবা। এই ধেমালীতে এতিয়া টকাচেৰেক বাৰু কৈয়ে যায়।

[ প্ৰস্থান।


দ্বিতীয় দৰ্শন।
মা, নিৰঞ্জনৰ ঘৰ।
কা, নিৰঞ্জন আৰু তৰাৰ প্ৰবেশ।

 তৰা—ভিনিহিদেউ! এইটো সম্ভৱ নে যে আপুনি, স্বামীৰ কৰ্ত্তব্য কাম পাহৰিলে? ডেকা কালতে নো আপোনাৰ বিৰাগ জন্মিল নে? বিয়া কৰিবৰ নৌ চাইদিন হওঁতেই নো এনে হলনে? আপুনি যদি ধনৰ আশাতে হে বাইদেওক বিয়া কৰিছিল, তেনেহলেও তেওঁক মৰম কৰিব লাগে। আৰু যদি আপুনি অইন কাৰবাক হে ভাল পায়, সেইটো কথা গুপুতে ৰাখিব! আপোনাৰ গুপ্ত প্ৰেমত ঢাকোন দি থব, বাইদেওক জানিবলৈ নিদিব। নিজ মুখেৰে নিজৰ দোষ প্ৰকাশ নকৰিব। আপোনাৰ পেটত যেইবা থ’ক মুখেৰে সাদৰ দেখুৱাব। পাপকে ধৰমৰ সাজ পিন্ধাই থব। আপোনাৰ পেট পাপেৰে খুন্দখাই থাকিলেও কোৱাভাতুৰীৰ দৰে বাহিৰে ৰং-চং দেখুৱাব। পাপী হলেও পুণ্যাত্মাৰ দৰে