পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪১ ]

খেদিব। কলঙ্ক যাৰ ঘৰত এবাৰ সোমায়, তাৰ ঘৰৰ পৰা সূতকাই ওলাব নোখোজে।

 মা, নিৰণ—হয় মুদৈ, আপোনাৰ কথাই কথা, তাতে ভৰ দিলোঁ, লাহে-লাহে ইয়াৰ পৰা যাব হে লাগে। মনৰ খঙ্গ মনতে থাকক, বাহিৰে ৰঙ্গ-মুৱা হৈ ফুৰোঁ। মোৰ এজনী চিনাকী তিৰোতা মানুহ আছে। তাই কথা-বাৰ্ত্তা সকলোতে বৰ ধেমেলীয়া, কিছু দুষ্টালি গুণটো হে আছে, তেওঁ বৰ ৰঙ্গিয়াল আৰু সহজ স্বভাৱৰ তিৰোতা যেন লাগে। তাইৰ ততে আজি খোৱা-বোৱা কৰোঁগৈ। তাইৰে আমাৰ ঘৈণী জনাই সদায় মোক জোৰাই দিয়ে। দলৈ, তুমি এতিয়া ঘৰলৈ যোৱাঁ, হাৰ-গছ লৈ আহাঁ গৈ। এতিয়ামানে ওলাব পাই। তুমি সেই আহতগুড়িলৈকে লৈ আহিবা। তাইকে হাৰ-গছ দিম, তিৰোতাৰ খঙ্গত তাইকে বিলাম। তায়েই পিন্ধক; মোৰ চুৱা-খাঁতী তিৰোতাৰ হোৰ তুলিম। তুমি অলপ বেগাই গৈ লৈ আহাঁ গৈ দেই। উস্ চোৱাঁ চোন বাৰু, আজি মোৰ ঘৰৰ তিৰোতাই মোক ভিতৰলৈ যাব নিদিলে, লোক ঘৰত গৈ আলহি হব লগাত পড়িলোঁ! তাই আকৌ শোধে কি নোশোধে, বাৰু প্ৰমাণকে চাওঁ; তেও লাজ কৰিব নেপাই দেখোন, তাই তেনে বিধৰ মানুহ নহয়।

 সোণশ্বৰ— তেন্তে দুদাঁড়মান বেলিৰ পাছত আপোনাক তাতে দেখা কৰিম।