লাহমন— মাচ-পহু যতে-ততে পায়, হালোৱা-চহাইও
মাৰি আনি খায়।
মা, নিৰণ—মুখৰ শুশ্ৰষা আকৌ তাতকৈও সস্তা, বৰ উজু, কথাত বাজে একো নালাগে।
লাহমন—ভাল কথা ভাল মাতেৰে আদৰ-সাদৰ পালে কম আয়োজনতো প্ৰীতি জন্মে।
মা, নিৰণ— কট্কিনা গিৰীহঁত আৰু খাব নোৱাৰা আলহিৰ পক্ষে হে সেই কথা খাটে। অৱশ্যে আন ঠাইত আপুনি ইয়াতকৈ ভাল আয়োজনে পাব পাৰে, কিন্তু ইমান আদৰ-সাদৰ পোৱা টান। এ-আমাৰ দুৱাৰ খন দেখোন মৰা আছে। হেৰ দুৱাৰ মেলি দিবলৈ ক।
মা, কলি—হেৰ, লঘনা, কাতীয়া, বিহুৱা, বহাগী, ভেদুৰী, মলৌ, কোন আছহঁক?
কা, কলি—( ভিতৰৰ পৰা) ভুত, পিশাচ, দ’ত, কুকুৰ, বান্দৰ, শিয়াল, কি হল। থাক দুৱাৰ মুখতে বহি থাক, নাথাক তাৰ পৰা যা। তোক কিহে পালে? —ভুত হেকাৰিব খুজিছ নে কি? যেতিয়া অকলেই শকত, কিয় লাগিছে পৰৰ ভকত? গুচ্, গুচ্, দুৱাৰ মুখৰ পৰা গুচ্।
মা, কলি—আজি আমাৰ দুৱৰীক কিহবাই পালে নে কি? দেউতা বাহিৰত ৰৈ আছে সি ভিতৰত থেওকালি কৰিছে।