পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৪ ]

চোৰ ধৰিছিলোঁ। মোৰ তিৰোতা নাই বুলিছিলোঁ। হেৰ বলিয়া! এই বিলাক কি বকিছিলি?

 মা, কলি— আপুনি যি কবৰ মন যায় কৈ থক, মোৰ মনত যি আছে আছে। মোক যে বজাৰত মাৰিছিল, আপোনাৰ হাতেই তাৰ সাক্ষী। আপোনাৰ হাত কাপ-কাঠি হোৱা হলে ভুকুকেটা মহী হোৱা হলে, আৰু মোৰ পিঠিখন সাঁচিপাত হোৱা হলে, আপোনাৰ নিজ হাতৰ আখৰেই ধৰা পেলালে হেতেনে।

 মা, নিৰণ—হেৰ গাধ!

 মা, কলি— ভুকুলৈ চালে গাধইহে। কিন্ত গোৰ খালে গাধইও পিছ-লাথি মাৰে। গাধ হোৱা হলে আপুনি মোৰ ওচৰ নাচাপিলহেতেন। গাধলৈ ভয় কৰিলেহেতেন।

 মা, নিৰণ-মুদৈ! আপুনি দেখোন মনটো মাৰি আছে? আশা কৰোঁ মই যি অলপ আয়োজন কৰিছোঁ তাকে গ্ৰহণ কৰি মোক অনুগৃহীত কৰিব।

 লাহমন—কিনো আপুনি গ্ৰহণ কৰাৰ কথা কইছে আপোনাৰ অনুগ্ৰহ থাকিলেই সকলো হল। সেইয়ে বহুত।

 মা, নিৰণ—অ দেও, মাছেৰেই হক বা পহুৰেই হক এবিধ হলে বৰ আনন্দেৰে শুশ্ৰসা কৰিব পৰা হয়, খাইও তৃপ্তিজন্মে।