পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩০ ]

দোষ। আপোনাত দায় নাই, কিন্তু মোক আপুনি হেয় নকৰিব। আপুনি তৰু, মই লতা। আপোনাৰ বলতে মই বলী, আৰু আপুনিও মোৰ বলতে বল পায়। আপোনাক যদি আন কিহবাই মেৰাই ধৰে বা আপোনাৰ গাত শিপাই, সেইবোৰ বেয়া লতা বা ৰঘূমলা, সি কেৱল বল হানি কৰে আৰু খাই মাৰে।

 কা, নিৰণ—(স্বগত) এওঁ মোকে কৈছেনে! এইবোৰ সমাজিক নে দিঠক। এওঁৰে সৈতে মোৰ সপোনত বিয়া হৈছিল নে কি? মোৰ এতিয়া তোপনিনে কি? আৰু এই বোৰ কথা তোপনিতে শুনিছো নে কি? মোৰ চকুৰ আৰু কাণৰ কিহে ইমান ভ্ৰম লগাই দিছে? মিছবুলিবৰ কাৰণ নোপোৱালৈকে এই বোৰ সচাঁ বুলিয়েই ধৰোঁ।

 তৰা—কলিমন! যা, ভাত, বাঢ়িবলৈ ক গৈ।

 কা, কলি—এইখন ভূতব ঠাই নে কি! আমি ভূতেৰে সৈতে কথা কৈছোঁ নে কি! আমি যদি ইহঁতৰ কথা নুশুনোঁ ইহঁতে আমাক মাৰিব।

 তৰা— তই কি ভোৰ-ভোৰাইছ! কথা কলে নুশুন কিয়! হাৰাম্ জাত! কুকুৰ!

 কা, কলি—মই কলিমন গুছিলোঁ কিবাহে হলোঁ, নহয় নে দেউতা?