পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪ ]

নহলে তপত ভাতৰ ধোঁৱায়েই খায়। মোৰ পাছতে দিন চেৰেকৰ মূৰত বাটত একো বিঘিনি নোহোৱাকৈ মোৰ গুৰি ওলালগৈ। তাত অলপ দিন থাকিয়েই তেও দুটী যঁজা লৰা প্ৰসৱ কৰিলে। গঢ়ে-পিটে আকৃতিয়ে প্ৰকৃ- তিয়ে লৰা দুটী ইমান একে হল যে ইটোৰ পৰা সিটো চিনাই টান হল। দুইৰো নামো একে ৰখা হল কিন্তু কি আচৰিত কথা সেই দিনাই, সেই ক্ষেতে, সেই গাঁৱতে এজনি দুখুনী মানুহৰ তেনে দুটী লৰা হল। সিহঁতৰ মাক-বাপেক বৰ দুখীয়া আছিল। সেই লৰা দুটী মোৰ লৰা দুটীৰ লগতে থাকি আলপইছান ধৰিবৰ নিমিত্তে মই কিনি আনিলোঁ। লৰা দুটী হবৰে পৰা মাকৰ গাত গয় হল। নিতৌ মোক ঘৰলৈ যাবলৈ খাটে। মোৰ ঘৰলৈ যাবলৈ সিমান মন নাছিল। কিন্তু ঘৈণী জনাৰ কথা পেলাব নোৱাৰি তাতে মান্তি হলোঁ। আমাৰ দুৰ্কপালৰ গুণেই বৰ খৰপোছ কৰি যাবলৈ ওলালোঁহঁক। আমি জাহাজত উঠি ঘৰৰ ফাললৈ চাৰি দাড় মান বেলিৰ বাট আহিলোঁহঁক। তেতিয়া আকাশ বৰ নিৰ্ম্মল আছিল। জাহাজত বিপদৰ অলপো শঙ্কা নাছিল। কিন্তু আমি আৰু সৰহ বেলি এনে নিৰাপদ অৱস্থাত থাকিব নোৱাৰিলোঁহঁক। লাহে-লাহে গোটেই আকাশ ডাৱৰে ঢাকি পেলালে। দিনতে এন্ধাৰ হল। আমাৰ জীৱনৰ নিমিত্তে বিশেষ শঙ্কা হল। মোৰ জীৱনৰ