ধনবৰ স্বৰ্গদেও! মোৰ পক্ষে মোৰ নিজৰ অসহ্য
দুখৰ কাহিনি কোৱাতকৈ আৰু একো টান শাস্তি নাই।
তেও, স্বৰ্গদেও, আগলৈকে এই সংসাৰত কথা ৰব, আৰু
দহ-চাৰিয়েও জানিব যে মই কোনো গৰ্হিত অপৰাধ কৰি
প্ৰাণ হেৰুৱা নাই। কেৱল মাথোন লৰা- তিৰোতাৰ
মৰমেইহে মোৰ কাল হল। মই কামপুৰত ওপজো,
তাতে ডাঙ্গৰ-দীঘল হও, পাছে তাতে মোৰ গৃহবাসো
হয। মই যাৰে সৈতে সম্বন্ধ কৰিলোঁ কিজানি তেওঁ
মোৰ নিচিনা দুৰ্ভগীয়ালৈ নপড়া হলেই সুখে থাকিব
পাৰিলে হেতেন। বিধিৰ বিপাক নোহোৱা হলে কি
জানি তেওঁৰ মোৰ পৰাও সুখ হল হেতেন। বিয়া কৰি
কিছুকাল আমি বৰ সুখেৰেই আছিলোঁহঁক। মুদৈ-
নগৰৰ অঞ্চলত কেবাবাৰো বেহা-বেপাৰ কৰি
অলপ-অচৰপ ধন-সম্পত্তিও কৰিছিলোঁ, কিন্তু কি হব
দুখীয়াৰ দুখ কতো নুগুচে , মই যাৰে সৈতে ভাগী হৈ
বেহা-বেপাৰ কৰিছিলোঁ তেওঁৰ অকস্মাৎ মৃত্যু হোৱাত যৰে
বস্তু ততে পড়ি থাকিল। মই একো উপায় নাপাই—বস্তু-
বাহানি বিলাকৰ দিহা লগাবৰ নিমিত্তে সকলো কথা
কাতিকৈ থৈ ঘৰ-দুৱাৰ এড়ি মুদৈনগৰলৈ যাব লগাত
পড়িলোঁ। কিন্তু মই সেই খিনি পাবৰ কথমপি ছমাহ হল
কি নহল আমাৰ ঘৰৰ-ঘৈণী জনাৰ গাত উখল-মাখল
লাগিল। তিৰোতাৰ মুখতো দুখ নুগুছে—আন একো
পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৩১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩ ]