এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাগিনী ভৈৰবী-তাল যৎ।
নাজানোঁ কি সতে সপে নাৰীয়ে পুৰুষত মন।
জ্বলি-পুৰি মৰে কিয় নিশা-দিন অকাৰণ॥
কত আদৰৰ প্ৰাণ, পৰক কিয় কৰে দান,
কিয় পৰাধিনী হৈ দিয়ে সুখ বিসৰ্জ্জন॥
কাবৌ কৰি কথা কয়, পাৱে পড়ি প্ৰেম পায়,
এবাৰ পূৰিলে আশা আৰু নকৰে যতন॥
পুৰুষ ভোমোৰা প্ৰায়, উড়ি ফুৰি মউ খায়,
নতুন নহলে নিতে বাহি ফুলে নুঠে মন॥
[ ২য় অঙ্কৰ ১ম দৰ্শনৰ শেহত তৰাই গাব।
২৩ পিঠি।
ৰাগিনী ঝিঁঝিট — তাল একতালা।
সুৱনী ফুলনি আজি আহা কিবা শোভা পায়।
লাখে লাখে ফুলে ফুল দেখিলে হিয়া জুৰায়॥
নীলাকাশে জ্বলে তৰা,
ফুল্লমনে হাঁহে ধৰা,
কুলিয়ে ডালৰ পৰা পঞ্চমত কুউ গায়॥
কি যে কেনে কৰে মন,
কিয় এনে উচাটন,
মলয়া বতাহে যেন প্ৰাণ মোৰ উড়ি যায়॥
[৩য় অঙ্কৰ ২য় দৰ্শনৰ আৰম্ভতে তৰাই গাব।
৪২ পিঠি।