পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৮৫ ]

 

 তৰা—ৰজাই এই মন্দিৰ পাৰ নৌ হওঁতেই তুমি আঠু লৈ গোচৰ দিবা।

ৰজা, ধনবৰ, বন্দীপাল, চাওদাঙ্গ, আৰু অইন
অইন বিষয়া সকলৰ প্ৰবেশ।

 ৰজা—এতিয়াও ঢোল পিটি শুনাই দিয়া হওক, যে যদি কোনোৱে ধন-দণ্ড দি এওঁক সৰুৱাব খোজে, এতিয়াও এওঁক প্ৰাণদণ্ডৰ পৰা মুক্ত কৰা হব।

 মালতী— স্বৰ্গদেৱ! এই তাপসীৰ ওপৰত বেটীৰ এখন গোচৰ আছে, বিচাৰ কৰক।

 ৰজা—মই জানোঁ তেওঁ বৰ ধাৰ্ম্মিক মানুহ, তেওঁ নো তোমাক কি জগৰ কৰিছে? মোৰ বিশ্বাস, তেওঁ কেতিয়াও অন্যায় নকৰে। কোৱা, অৱশ্যে ন্যায় বিচাৰ কৰা হব।

 মালতী—স্বৰ্গদেৱক কব নালাগে মোৰ স্বামী কোন; কাৰণ স্বৰ্গদেৱেই বেটীৰ বিয়া ঠিক কৰিছিল। আৰু মইও স্বৰ্গদেৱৰ কথাতে তেওঁক মোৰ ধন-জন-জীৱনৰ গৰাকী পাতিলোঁ। ঈশ্বৰৰ ইচ্ছা, আজি তেওঁ প্ৰচণ্ড বলিয়া হল। নগৰ গোটাইখনত যাৰে পায় তাৰে ঘৰত সোমাই বিৰিটো, মণিটো, আঙ্গঠিটো, যিহকে মন গৈছে তাকে আনি, তেওঁ অনেক মানুহৰ অপকাৰ কৰি ফুৰিছে। তেওঁৰ লগতে তেওঁৰ লগুৱাটোৰো সেই দশা, দুইও সমান। এবাৰ দুইকো বান্ধি নি ঘৰত সুমাই থোৱা হৈছিল গৈ। থৈ, কত কি জগৰ লগাইছে,