পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮৪ ]

খোজকে নলৰাওঁ; আৰু আপুনি ধাৰ্ম্মিক মানুহ হৈ এনে অন্যায় কৰি গিৰীয়েক-ঘৈণীয়েকৰ বিচ্ছেদ কৰাটো ভাল নহয়।

 তাপসী—বাৰু মনে মনে গুচি যোৱাঁগৈ এতিয়া; তেওঁক নিবলৈ নোপোৱাঁ।

[ প্ৰস্থান।

 তৰা—এই অপমানৰ কথা ৰজাত গোচৰ দিয়াঁ গৈ।

 মালতী—আহ, মই ৰজাৰ ভৰিতে দীঘল হৈ কান্দি- কাটি পড়োঁ গৈ; ইয়ালৈ ৰজা নিজে আহি মোৰ স্বামীক তাপসীৰ হাতৰ পৰা কাঢ়ি আনি দিম নোবোলে মানে নুঠোঁয়েই।

 অনিৰাম—এতিয়া মানে পাঁচ বাজিব পায়। সৌৱা ৰজাই দেখোন এই ফাললৈকে আহিছে। অ, ঠিক, এই মন্দিৰৰ পাছ ফালে যে দেখিলেই ভয় লগা সেই জেৰেঙ্গা খন (মশান) আছে, তালৈকে যাবলৈ এই বাটে আহিছে।

 সোণেশ্বৰ—কি সকামত নো তালৈ যায়?

 অনিৰাম—আজি পুৱা কামপুৰৰ এজন দুৰ্কপলীয়া বুঢ়া মুদৈয়ে এই দেশৰ বিধি লঙ্ঘন কৰি ইয়াত সোমালহি। সেই দোষতে তেওঁৰ প্ৰাণদণ্ড হব, তাকে চাবলৈ ৰজা নিজে আহিছে।

 সোণেশ্বৰ—সৌৱা তেওঁবিলাক পালেহিয়েই। বলক আমিও সেই দুৰ্ভগীয়াৰ মৰণকে চাওঁ গৈ হঁক।