পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৮ ]

কি কব পাৰে? ইয়াৰ মানুহৰ তেওঁৰ ওপৰত বিশ্বাস কেনে?

 সোণেশ্বৰ— অস্‌, বুজিছে নে, সেই পাকে হলে তেওঁৰ মোলেই নাই। এই নগৰৰ সকলো মানুহেই তেওঁক বৰ ভাল পায়। তেওঁতকৈ ডাঙ্গৰ মানুহ এজন ইয়াত নাই। তেওঁৰ ওপৰত সকলোৰে বিশ্বাসো প্ৰবল। অইন কি, তেওঁৰ মুখৰ কথা একেষাৰ হলেই মোৰ যথা সৰ্ব্বস্ব তেনেই দিব পাৰোঁ।

 অনিৰাম—ৰব, সৌৱা তেওঁ এই ফাললৈ আহিছেই হবলা।

কা, নিৰঞ্জন, আৰু কলিমনৰ প্ৰবেশ।

 সোণেশ্বৰ—হয়! বাৰে বাৰে শপত খাই নাই পোৱা বুলি কোৱা সেই হাৰ-গছো তেওঁ ডিঙ্গিতে পিন্ধি আহিছে। অপুনি মোৰ ওচৰ চাপক চোন মই তেওঁক সোধোঁ। ডাঙ্গৰীয়া! আপুনি মোক এনে লাজত পেলাব বুলি নাজানিছিলোঁ। আপোনাৰ বাবেই এইজনা মোৰ আত্মীয় ভদ্ৰলোকো বৰ অসুবিধাত পড়িব লগা হল। ভাত বাজে, আপোনাৰো যথেষ্ট হানি হৈছে। কোটোৱালে ধৰা, আৰু বন্দীশালত সুমাই থোৱাকে আদি কৰি আপোনাৰ যি লাজ-অপমান হৈছেই, সেই ধনতে লাগিয়েই এৱোঁ ইয়াত বান্ধ পাই থাকিব লগা হল। আপুনি ধন ফেৰা দি দিয়া হলেই, এওঁ জাহাজত উঠি কোনোবাখন পালে গৈ হেতেন।