পৃষ্ঠা:ভোবোলা চৰিত্ৰ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭ )

নায় কন্যা পুত্ৰ, বুঢ়া বুঢ়ী মাত্ৰ,
 দুখিত বৰ সদায়।
নায় লোটা বাটী, নায় ধাৰি পাটি,
 মাগিয়া ফুৰন্ত খায়॥
কৰোতা সহায়, আন কোনো নায়,
 বুঢ়া বুঢ়ী অসন্তোষ।
যদি কোনো ঠাই, মাগি দ্ৰব্য পায়,
 তেতিয়া হোৱে সন্তোষ॥
নাহি কোনো দ্ৰব্য, কেৱলে দৰিদ্ৰ,
 সবেমাত্ৰ প্ৰাণী দুই।
ঈশ্বৰক ভাবি, খায় খুজি মাগি,
 নায় কোনো হায় হুই॥

এহিমতে বুঢ়া বুঢ়ী প্ৰবৰ্ত্তিয়া আছে।
আত অনন্তৰে শুনা যেন ভৈল পাছে॥
দৰিদ্ৰ বুঢ়াক দেখি ধনী এক জন।
ছয় গোটা ঘোড়া তাক কৰিলেক দান॥
সাদৰিয়া সেহি ঘোড়া নিজ ঘৰে নিয়া।
বুঢ়া বুঢ়ী দুয়ো ৰঙ্গে ৰাখিল বান্ধিয়া॥
ঘোড়াক দেখিয়া বাঘে আলচিয়া মনে।
গোহালীৰ পাশে বাঘ আছে মনে মনে॥
কেতিয়া যাইবেক বুঢ়া ঘোড়াক বান্ধিয়া।
এহিমাত্ৰ কথা বাঘে আছন্ত ভাবিয়া॥
ঘোড়া বান্ধি বুঢ়া বুঢ়ী আহি ৰঙ্গ মনে।
কথা বাৰ্ত্তা হোৱে হৰ্ষ যুতে দুয়াজনে॥