পৃষ্ঠা:ভোবোলা চৰিত্ৰ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬ )

শিয়ালৰ গলত লাগিলে চিপা টান।
মৰো মৰো বুলি সিটো ছাৰিলেক প্ৰাণ॥
বাঘে বোলে মৰ তয় দুৰ্জ্জন শিয়াল।
অকাৰণে মোক ভয় কৰিলি খিয়াল॥
মাৰিবাৰ মনে মোক চল কৰি নিলি।
মিত্ৰ দ্ৰোহ পাপ কৰি সমূলি মৰিলি॥
মৰিল শিয়াল গোট বাঘ গৈলা সাৰি।
ভোবোলায়ো ছলি গৈল সিটো বন ছাৰি॥
দেখা সৰ্ব্ব জনে একে চোঁৱা কেনে কাম৷
ভাবি চিন্তি ৰচিলোহো ভোবোলাৰ নাম॥


দুলৰি।

শুনা সৰ্ব্বজন, থিৰ কৰি মন,
 বাঘ ভৈলা লতি ঘতি।
ক্ষুধায়ে তৃষ্ণায়ে, হাৰা শাস্তি হই,
 বিহ্বল ভৈলন্ত অতি॥
যাক যৈতে পায়, তাক ধৰি খায়,
 চিন্তি ফুৰে দিনে ৰাতি।
গোহালি গোহালি, ফুৰে খাপ দি,
 নাহিকে আনক মতি॥
আত অনন্তৰে, শুনা সৰ্ব্বনৰে,
 যেন ভৈলা আতপৰ৷
এক গ্ৰামে আছে, দুই বুঢ়া বুঢ়ী,
 সিহতৰ ভগা ঘৰ॥