পৃষ্ঠা:ভোবোলা চৰিত্ৰ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২ )

মই বনপতি ৰজা সবে মোৰ ভক্ষ।
বন জন্তু মাৰি ভুঞ্জি আছো কত লক্ষ॥
ইহাক মাৰিবে লাগি কৰিছো যতন।
কি জানি ইহাৰ হাতে মোহোৰ মৰণ॥
তাক দেখা দিলে জানো মিলয় বিকাৰ।
তাক এৰি গৈলে মোৰ হৈবে অধিকাৰ॥
এহি বুলি বাঘে মনে আছে গুণি গাঠি।
পৰিচয় দিওঁ ময় এশাৰেক মাতি॥
চিনা চিনি হওঁবুলি মনক বুজায়।
মাতিবে লাগিলে বাঘে ছাগলীক চায়॥
লম লম দাঁৰি গোফ সঘনে বিলাশ।
এনেজন পুৰুষে যে খাটে বনবাস॥
বাঘ ঘোঙ্গ হাতী যে সিংহৰ ইটো থায়।
অৰণ্যৰ মাজে কিয় আছাঁহে আতায়॥
নাম গোত্ৰ কহি মোত দিয়া পৰিচয়।
তোমাৰ সহিতে মিত্ৰ কৰিবো নিশ্চয়॥
হেন বাক্য শুনি ভৈলা ভোবোলা বিস্ময়।
আমি তাৰ ভক্ষ্য বুলি কহিবে লাগয়॥
যি হৌক সি হৌক আগে নিজ বুদ্ধি ভাগে।
বুদ্ধি সন্ধি কৰি মাথো সাৰিবাক লাগে॥
পৰিচয় দিয়োতাক ময় কৰি বৰ।
যাক শুনি তাহাৰ মনত লাগে দৰ॥
শুনিয়োক বনৰাজ মোৰ নাম ধাম।
কৈলাশ শিখৰে মোৰ থাকিবাৰ থান॥