পৃষ্ঠা:ভোবোলা চৰিত্ৰ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভোবোলা চৰিত্ৰ ৷

————∞————

পদ ৷

শুনিয়োক প্ৰজালোক ভোবোলা চৰিত।
ভোবোলাৰ কথা আৱে আতি বিপৰীত॥
আত অনন্তৰে শুনিয়োক সভাসদ।
ভোবোলা ছাগলিৰ কথা এনে যে সংবাদ॥
এক গোটা ভোবোলা বনত আছে চৰি।
ভয় চিন্তা নাহি কিছু থাকে ৰঙ্গে ফুৰি॥
বনক আজুৰি খায় লপ্ লপ্ কৰি।
কোৱাৰীত খোপা খোপে জোকে আছে ধৰি॥
যেন পকা ডঁৰিয়া মানুহে গুৱা খায়।
পীক লাগি ডাঁৰি গোফ ৰঙ্গাহুৱা যায়॥
সেহিমতে ভোবোলাও তেজে ৰঙ্গা হই।
জোকে খোৱা তেজ আছে টোপা টোপে বই॥
এহিমতে ভোবোলা বনত চৰি আছে।
এক গোটা বাঘে আহি দেখিলন্ত পাছে॥
ভোবোলাক দেখি পাছে মানিল বিম্ময়।
হেন অৰণ্যৰ মাজে নকৰে সংশয়॥
জানিলোহো মোত কৰি ইটো বলৱন্ত।
কেন মতে সাৰো আৱে মনত ভাৱন্ত॥