পৃষ্ঠা:ভোবোলা চৰিত্ৰ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১ )

এহি বুলি বাঘ কিছু গোটায় আনিল।
তাহাঙ্ক লগত লৈয়া ঘুৰিয়া আহিল॥
যেহি ঠানে চোৰ হস্তে পাইলেক পাৰ।
দৈবক্ৰমে দেখিলেক বৃক্ষোপৰে চোৰ॥
নিলগৰ পৰা তাক নিলে দেখুৱাই।
তাক ধৰিবাক সবে কৰন্ত উপাই॥
চোৰক দেখিয়া কতোজনে বোলে খাওঁ।
কতোজনে বোলে আমি তাক চিনি পাওঁ॥
কতোজনে বোলে এনে কত আছো খায়।
কতো বোলে খাওঁ তাক কৰিয়া উপায়॥
কতো বোলে কেনে কৰি তাক লাগ পাম।
কতো বোলে নামিলে তাহাৰ মাংস খাম॥
এই দৰে গণ্ডগোল সবে কৰি আছে।
তাক দেখি এক বুঢ়া মাতিলেক পাছে॥
শুনিয়োক ডেকা সব মোহোৰ বচন।
যদি তাক খাইবাৰ কৰিয়াছা মন॥
মোৰ বুদ্ধি লোৱা সবে ডেকা বাঘগণ।
বাঘ যোড়া দিবে লাগি কৰাহা যতন॥
শুনি ধৰি নিয়া বাঘে কঁপিছে ভয়ত।
বোলে জ্ঞাতিগণ ময় হৈবোহো তলত॥
পাতিল বাঘৰ যোড়া সিটো তল ভৈলা।
ওপৰা ওপৰি কৰি সবে উঠি গৈলা॥
এহি মতে যোড়া দিলা তিনি কুড়ি বাঘ।
আৰু চাৰি গোটা হলে তাক পায় লাগ॥