বাঘেও সাৰিলো বুলি মাৰিলে লৱৰ।
জানো আকৌ পায় বুলি কঁপে থৰ থৰ॥
এহিমতে বাঘ গৈয়া পাইলা নিজ বন।
দেখিয়া আসিল বাঘ দুই জন॥
শোধন্ত দুজনে তাক দেখিয়া আতুৰ।
কি হেতু হৈছাহে তুমি ই হেন কাতৰ॥
কহিলন্ত ইটো বাঘে কৰিয়া বিনয়৷
শুনিওক জ্ঞাতি লোক মোহোৰ নিৰ্ণয়॥
বৰ দুৰ্ভগীয়া ময় মৰণ নহয়।
শঙ্কটতে শঙ্কট বাঢ়িয়েহে থাকয়॥
দুই শঙ্কটৰ পৰা আহিছোঁহো সাৰি।
থৰ থৰি হিয়া মোৰ জানো পায় ঘুৰি॥
ভোবোলাৰ হাততে হেৰাইছিলে প্ৰাণ।
কোনোমতে তাৰ পৰা পালো পৰিত্ৰান॥
পাছে টুপটুপিয়াই গলে বান্ধি জৰি।
নিখা নিখাতো লৈ গৈছিল টানি আজুৰি॥
ইবাৰো সাৰিছো ময় হাৰা সাস্তি হুই।
তোমাত শৰণ মাগো দিয়া মোক থায়॥
তেবে যদি সাৰো ময় তোমাৰ সহায্যে।
পুনৰপি পাইলে মোৰ মিলিবে অকাৰ্য্যে॥
শুনিয়া তাহাৰ কথা দুজনে বিস্ময়।
আমাক দেখায়া দিয়া কহিত আছয়॥
কোন কালে তাৰ আমি নাম শুনা নায়।
কেনেবা লক্ষণ তাৰ দিয়াহে দেখায়॥
পৃষ্ঠা:ভোবোলা চৰিত্ৰ.djvu/১২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১০ )