পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাতনি।

⸺o⸺

 আমাৰ অসমীয়া ভাষাত শ্যেক্সপিয়েৰৰ ভাঙনি বা সেই মহাকবিৰ অনুকৰণ কৰি লেখা গ্ৰন্থ এখনি হে। সেই কিতাপ খনিৰ নাম ‘ভ্ৰমৰঙ্গ” (কবিৰ কমেডি অব্ এৰৰ্‌চ)। এই ভ্ৰমৰঙ্গই আমাক শ্যেক্সপিয়েৰৰে সৈতে প্ৰথম চিনাকী কৰি দিয়ে। সেই কিতাপখনি পচিশ বছৰমানৰ অগৈয়ে কে জনবান কলিকতাত পঢ়া অসমীয়া ডেকাই লেখে— আৰু ভৱানীচৰণ দত্তৰ লেনৰ মেচত ১৮৯৭ কি ১৮৯১ চনত তাৰ ভাৱনা হোৱা আমাৰ বেছ মনত আছে।

 পাছত ডাঙৰ হলত শ্যেক্সপিয়েৰলৈ আমাৰ মৰম আৰু শ্ৰদ্ধা বাঢ়িল। বিলাতত শ্যেক্সপিয়েৰৰ কেখনমান নাটৰ ভাৱনাও দেখিছিলোঁ। সেই দেখি শ্যেক্সপিয়েৰৰ মাৰ্চেন্ট অব ভেনিচ বুলি কিতাপখনৰ অসমীয়া ভাঙনি কৰি অসমীয়া ৰাইজসকলৰ আগত ধৰিছোঁ। আমি যে শ্যেক্সপিয়েৰৰ অনুবাদকৰ্ত্তা পক্স যোগ্য তাক নকওঁ। অসমীয়া ভাষাত শ্যেক্সপিয়েৰৰ ভ্ৰমৰঙ্গৰ বাহিৰে আন কোনো কিতাপ নোহোৱাৰ কাৰণেই আমাৰ “ভেনিচৰ সাওদ” উলিৱাৰ প্ৰধান কাৰণ। সেই দেখি দোষ গুণ যি ইয়াত আছে, পাঠক পাঠিকা সকলে আমাক যদি দেখুৱাই নিয়ে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ হ'ম।

  ভেনিচৰ সাওদ উলিৱাৰ আৰু এটি কাৰণ হৈছে এই— ১৯১০ চনৰ পূজাৰ বন্ধত ছোটনাগপুৰৰ গিৰিডি বুলি ঠাইত বিশ্ৰাম লবলৈ বোৱাত তালৈ আমাৰ দৰে বিশ্ৰাম লবলৈ যোৱা কেজনমান বঙ্গালী কলেজৰ ছাত্ৰই মাৰ্চেন্ট অব্ ভেনিচ ভাৱনা কৰিছিল।