সেই ভাৱনাৰ নিমিত্তে তেওঁলোকে আমাৰপৰা এই সম্বন্ধে অলপ সাহায্য পাইছিল। তেতিয়াই ভাবিলোঁ যে, অসমীয়া বহুতো মানুহ আছে যি সকলে ইংৰাজী ভাষা নজনাৰ গুণে এই জগৎ-কবিৰ নাটখনৰ বিষয়ে হয় তো বা একো নেজানে। সেই দেখি তাৰ অলপ পাছতে শ্যেক্সপিয়েৰৰ এখন কিতাপ আগত লৈ সাধুকথাৰ দৰে আৰু অনুবাদৰ দৰেও লেখিবলৈ আৰম্ভ কৰিলোঁ। কেপাতমান লেখি এবছৰমান মেজত এনেয়ে পেলাই থৈ দিছিলোঁ। হঠাৎ আকৌ ইচ্ছা হ’লত তাক শেহ কৰি বাঁহীৰ সম্পাদক প্ৰসিদ্ধ সাহিত্যিক শ্ৰদ্ধাস্পদ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত ছাপাখানাত দিবলৈ দিলোঁ। তেখেতে ইয়াৰ প্ৰুফ চাই দিয়াৰ বাবে আমি তেখেতৰৰ ওচৰত ঋণী, আৰু তেখেতক আমি ধন্যবাদ দিওঁ।
ইয়াৰ দ্বাৰা যদি আমাৰ পাঠকসকলে শ্যেক্সপিয়েৰৰ মাৰ্চেন্ট অব ভেনিচৰ অলপমানো আভাস পায় আৰু শ্যেক্সপিয়েৰৰ বিষয়ে আৰু পঢ়িবলৈ আৰু জানিবলৈ ইচ্ছুক হয়, আমি আমাৰ শ্ৰম সাৰ্থক হ'ল বুলি মানিম।
আমি দেখিছোঁ, শ্যেক্সপিয়েৰৰ নাটবোৰ যিমান পঢ়া যায়, সিমান
তাৰ সোৱাদ বঢ়া হোৱা যেন লাগে। আমি কবিৰ বহুতো নাট
বহু বাৰ পঢ়িছো। যিমান পঢ়োঁ আমনি নেলাগে। সেই বুলি
আমি নকওঁ যে শ্যেক্সপিয়েৰৰ অৰ্থ সকলোবোৰ আমাৰ বোধগম্য
হৈছে—অৰ্থাৎ শ্যেক্সপিয়েৰে কোনো কোনো কথা লেখোঁতে কি
ভাবি লেখিছিল, তাক আমি কব পাৰোঁ। নানাম্ বিদ্বানলোকে
নানান অৰ্থ কোনো কোনো কথাৰ কৰে। সি বাৰু যি হওক-
আমাৰ কামৰ অৰ্থে আমি যি জানো তাৰেই কাম সুকলমে হব বুলি
আশা কৰিছোঁ।