পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য ]
৩১
ভীষ্মৰ শৰ-শয্যা।


দুৰ্য্যো— কি বৰ লাগে ধনঞ্জয় ? ৰাজ্য, ধন, ঐশ্বৰ্য্য কি লাগে
কোৱাঁ ? যদি ৰাজ্য লাগে তাকো এতিয়াই দিম।
অৰ্জ্জুন— ৰাজ্য নেলাগে । যথা নিয়মে যুদ্ধ কৰি যদি লব
পাৰোঁ লম। মহাৰাজ, আপুনি বাকদান কৰিছিল, আপো-
নাক ঋণত ৰাখিবলৈ মোৰ ইচ্ছা নাই। সেই বাবেহে
আহিছোঁ৷ আপোনাৰ মুকুটটো দিয়ক।

[ মুকুট দিয়ে আৰু অৰ্জ্জুনে লৈ যায় ]

দুঃশা— এইটে৷ কি কথ৷ দাদা, একেবাৰে বুজিব পৰা নাই।
দুৰ্য্যো— বুজিবৰ আৱশ্যক নকৰে ৷ কোনো জনপ্রাণীয়ে যেন
পাৰ্থৰ অনুসৰণ নকৰে ৷ পুৱাতে মহাযুদ্ধৰ সূচনা।
যোৱা এতিয়া বিশ্রাম কৰাগৈ।

⸻ x ⸻


তৃতীয় দৃশ্য

। শিবিৰ ]

ভীষ্ম – ( স্বগতঃ) দাসত্ব শৃঙ্খলত আৱদ্ধ হৈ কি প্ৰতিজ্ঞ৷ কৰিলোঁ!
পাণ্ডৱক স্বহস্তে নিধন কৰিম ! নিজে যি ঘৰ সাজিলো
তাকে আকৌ নিজ হাতে জুই দি পুৰিমনে ? নাই,
নোৱাৰোঁ। এই পঞ্চদেব তৰুক কেনেকৈ নষ্ট কৰিম ?
নাই, কি হব কৰ্ত্তব্যৰপৰ৷ বিচলিত হব নোৱাৰোঁ। ক্ষত্ৰিয়ৰ,
ধৰ্ম্ম পালন কৰিবই লাগিব। বাসুদেৱ ! পাণ্ডৱ জীবন
পৰীক্ষাত নেপেলাবা শক্তি দিয়া ।