এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য ]
৩১
ভীষ্মৰ শৰ-শয্যা।
| দুৰ্য্যো— | কি বৰ লাগে ধনঞ্জয় ? ৰাজ্য, ধন, ঐশ্বৰ্য্য কি লাগে |
| কোৱাঁ ? যদি ৰাজ্য লাগে তাকো এতিয়াই দিম। | |
| অৰ্জ্জুন— | ৰাজ্য নেলাগে । যথা নিয়মে যুদ্ধ কৰি যদি লব |
| পাৰোঁ লম। মহাৰাজ, আপুনি বাকদান কৰিছিল, আপো- | |
| নাক ঋণত ৰাখিবলৈ মোৰ ইচ্ছা নাই। সেই বাবেহে | |
| আহিছোঁ৷ আপোনাৰ মুকুটটো দিয়ক।
[ মুকুট দিয়ে আৰু অৰ্জ্জুনে লৈ যায় ] | |
| দুঃশা— | এইটে৷ কি কথ৷ দাদা, একেবাৰে বুজিব পৰা নাই। |
| দুৰ্য্যো— | বুজিবৰ আৱশ্যক নকৰে ৷ কোনো জনপ্রাণীয়ে যেন |
| পাৰ্থৰ অনুসৰণ নকৰে ৷ পুৱাতে মহাযুদ্ধৰ সূচনা। | |
| যোৱা এতিয়া বিশ্রাম কৰাগৈ।
⸻ x ⸻
তৃতীয় দৃশ্য । শিবিৰ ] | |
| ভীষ্ম – | ( স্বগতঃ) দাসত্ব শৃঙ্খলত আৱদ্ধ হৈ কি প্ৰতিজ্ঞ৷ কৰিলোঁ! |
| পাণ্ডৱক স্বহস্তে নিধন কৰিম ! নিজে যি ঘৰ সাজিলো | |
| তাকে আকৌ নিজ হাতে জুই দি পুৰিমনে ? নাই, | |
| নোৱাৰোঁ। এই পঞ্চদেব তৰুক কেনেকৈ নষ্ট কৰিম ? | |
| নাই, কি হব কৰ্ত্তব্যৰপৰ৷ বিচলিত হব নোৱাৰোঁ। ক্ষত্ৰিয়ৰ, | |
| ধৰ্ম্ম পালন কৰিবই লাগিব। বাসুদেৱ ! পাণ্ডৱ জীবন | |
| পৰীক্ষাত নেপেলাবা শক্তি দিয়া । |