পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুমাৰ ভাঙ্গৰৱৰ্ম্ম। হিউয়েনচাৎ :-~-ফাহিয়ানৰ দৰেই চীনা পৰিত্ৰাজক হিউয়েনচাং ৬৩০ খৃষ্টাব্দত ভাৰতলৈ আহে। তেওঁ ১৫ বছৰ কাল উত্তৰ আৰু দক্ষিণ ভাৰতৰ বেলেগ বেলেগ ঠাইবোৰ চাই ফুৰিছিল। ভাৰত ভ্ৰমণ কৰি তেওঁ ভাৰতৰ বিষয়ে এটি টোকা লিখি থৈ যায়। তেওঁৰ টোকাত পোৱা যায় যে, সেই কালত বৌদ্ধ আৰু হিন্দু ধৰ্মৰ সমান প্রাদুর্ভাব আছিল। শাসন প্রণালী উৎকৃষ্ট আছিল। ৰাজকৰ নিয়মীয়া আছিল। উৎপন্ন বস্তুৰ ট্ট সংশহে বাজকৰ লোৱা হৈছিল। ৰজাঘৰীয়৷ বিষয়াবিলাকৰ বেতনৰ প্ৰথা নাছিল। তেওঁলোকৰ প্ৰত্যেককে ভরণ-পোষণৰ অৰ্থে একো অঞ্চল মাটি দিয়া হৈছিল। প্ৰজাবিলাকে বৰ হুখেৰে কাল কটাইছিল। তেওঁলোকে বেহাবেপাৰ ভালকৈ চলাইছিল। মানুহবিলাক সত্যবাদী, পৰোপকাৰী আৰু মৰমিয়াল আছিল। সেই সময়ত দেশত সাহিত্য, বিজ্ঞান আদি বিষয়ৰ চর্চ্চা হৈছিল। মুঠতে তেওঁ অহা সময়ত দেশ সকলে৷ পিনে পূৰঠ আছিল । কুমাৰ ভাস্কৰবৰ্ম্মা :— সেই সময়ত কুমাৰ ভাস্কৰবৰ্ম্মা কামৰূপৰ ৰজা আছিল। তেওঁ এজন পৰাক্ৰমী, বিদ্বান আৰু বিদ্যোৎসাহী ৰজা আছিল। উত্তৰ ভাৰতৰ প্রখ্যাত আৰু পৰাক্ৰমী ৰাজ৷ শিলাদিত্য বা হর্ষবৰ্দ্ধন তেওঁৰ মহাসভাত ভাস্কৰ- বৰ্ম্মাক সকলোতকৈ আগত স্থান দিছিল। হিউয়েনচাং কাম- ৰূপলৈ আহি এই ধাৰ্ম্মিক ৰজাৰ লগত ভালেদিন কটাইছিল। হিউয়েনচাঙে তেওঁৰ ভ্ৰমণ বিৱৰণত কামৰূপ সম্বন্ধে অনেক কথা লিখিছে। কামৰূপৰ আধিপত্য বিস্তাৰ কৰা ভাস্কৰবৰ্ম্মাৰ