পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী তেওঁ প্ৰথমতে শিৱভক্ত আছিল; কিন্তু শেষত বৌদ্ধ ধৰ্ম্ম লৈছিল। তেওঁ কনৌজত এখন বৌদ্ধ মহামেল পাতে। এই মেলৰ কেউদিন পুৱা নিতৌ ৩ ফুট ওখ বুদ্ধদেৱৰ এটি সোণৰ প্ৰতিমূৰ্ত্তি ফুৰোৱা হৈছিল। ৰজাই ভিক্ষুকৰ সাজেৰে মূৰ্ত্তিৰ কাষে কাষে গৈছিল, দুখীয়া-ভিকহু আৰু আন আন মানুহকো বাটত ধন-সোণ বিলাই গৈছিল । মেলা শেষ হোৱাৰ পিছত হিউয়েনচাঙৰ লগত মহাৰাজ প্ৰায়াগলৈ যায় আৰু গঙ্গা যমুনাৰ সঙ্গমস্থল প্রয়াগতে মহাৰাজে এটা উৎসৱ পাতে। এই উৎসৱত তেওঁ অনেক দান-দক্ষিণা কৰিছিল৷ এইদৰে তেওঁ প্ৰতি ৫ ৰছৰে উৎসৱ পাতি দুখীয়া-ভিকহুক ৰাজভঁৰালৰ বহুমূলীয়া বস্তু কৰিছিল৷ ইয়াৰ বাহিৰেও তেওঁ বহুতো প্ৰজাহিতকৰ কাম কৰে। তেওঁৰ দিনত মানুহে যেই সেই ধৰ্ম্ম গ্রহণ কৰিব পাৰিছিল৷ তেওঁ এজন সুপণ্ডিত আছিল। নিজে নাগানন্দ, ৰত্নাবলী, প্রিয়দর্শিকা নামে তিনিখন নাটক ৰচনা কৰিছিল । তেওঁৰ ৰাজ সভাৰ পণ্ডিত বানভট্টই হর্ষচৰিত, কাদম্বৰী নামে দুখন কাব্য লিখে। নালন্দা-বিশ্ববিদ্যালয়ে তেওঁৰ পৰা যথেষ্ট সহায় পাইছিল। এই বিশ্ববিদ্যালয় একমাত্র উচ্চশিক্ষাৰ কেন্দ্ৰ আছিল আৰু ইয়াত দহ হেজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল । তেওঁলোকে বিনামাচুলে বিজ্ঞান, শিল্পকলা, আদি নানান বিষয়ৰ জ্ঞান লাভ কৰিছিল। পাটনা জিলাৰ দক্ষিণে (বৰগাৱঁত ) নালন্দা বিশ্ববিদ্যালয় আছিল ।