পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী খৃঃত মগধৰ ৰাজপাটত উঠে। তেওঁ বিক্রমাদিত্য ( বিক্ৰমত সূৰ্য্য যেন ) উপাধি লয় । 82 শক দমন :—তেওঁৰ দিনতেই শকবিলাক পৰাক্ৰমী হৈ উঠে 3 কিন্তু তেওঁ সিহঁতক পৰাস্ত কৰে ; সেইগতিকে তেওঁ শকাৰি নামেও পৰিচিত। তেওঁ মালৱ, সুৰাষ্ট্ৰ (গুজৰাট), কাঠিৱাৰ জয় কৰি নিজ ৰাজ্যৰ তলতীয়া কৰে। এইদৰে ব্ৰহ্মপুত্ৰৰ পৰা পশ্চিম-সাগৰলৈকে, হিমালয়ৰ পৰা নৰ্ম্মদা নদীলৈকে গুপ্ত সাম্রাজ্য বিস্তৃত হল । ৰজা বিক্রমাদিত্য গুণী, জ্ঞানী আৰু সুবিচাৰক আছিল ৷ কেইবাজনো বিখ্যাত পণ্ডিতে তেওঁৰ সভা শুৱনি কৰিছিল । Ja ফাহিয়ান ঃ—২য় চন্দ্ৰ- ৰাজত্বকালত ৪০৬ খৃঃত বৌদ্ধ ধৰ্ম্মৰ পৱিত্ৰ তীর্থবিলাক চাবলৈ আৰু বৌদ্ধ ধৰ্ম্মৰ বিষয়ে জ্ঞান লাভ কৰিবলৈ চীন৷ পৰি- ব্রাজক ফাহিয়ান ভাৰতলৈ E regiL আহে। তেওঁ ৬ বছৰ কাল ভাৰতৰ মথুৰা, কনৌজ, কোশলত ঘূৰিপকি পাটলিপুত্ৰ পায়হি৷ দ্বিতীয় চন্দ্রগুপ্ত । পাটলিপুত্ৰৰ পৰা তেওঁ ৰাজগৃহ, গয়া, কাশী, চম্পা ( ভাগলপুৰ ) আৰু তমলুক বন্দৰ পায়হি। তেওঁ তাত কিছুদিন থাকি সিংহল দ্বীপেদি ঘৰমুৱ৷