পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

te VIDYAPITA AASA Entd 1035 po GOAT Fauzdari Patty. - ONABHIRAM FARU Date GIRLS' M. E. SCHOOL নিবেদন মজলীয়া" কেইশ্রেণীৰ লৰাছোৱালীৰ উপযোগী ভাৰত-বুৰঞ্জীৰ অভাৱ অনুভৱ কৰি যোৰহাট নৰ্ম্মাল স্কুলৰ ভূতপূৰ্ব্ব চুপাৰিণ্টেণ্ডেণ্ট ৺মুক্তালাল কাথবৰুৱাদেৱে ভাৰত-বুৰঞ্জীৰ ঘটনাৱলী সৰল ভাষাত ৰেহা লগাই সজাই পৰাই এই পুথিখনি যুগুত কৰে ৷ অসম বুৰঞ্জীৰ লগত সামঞ্জস্য ৰাখি ভাৰতবৰ্ষৰ বুৰঞ্জীৰ বিস্তৃত জ্ঞান দিবৰ কাৰণে অসম বুৰঞ্জীৰ সমসাময়িক ঘটনাৰ কিছু আভাস এই পুথিত দিয়া হৈছে। এই বুৰঞ্জীত আধুনিক ঘটনা এটিও বাদ পৰা নাই৷ পুথিখনি প্রকাশিত হবৰে পৰা এতিয়ালৈকে শিক্ষক আৰু ছাত্ৰসমাজৰ যথেষ্ট সমাদৰ লাভ কৰি আহিছে আৰু আগলৈকেও এই সমাদৰ অটুট থাকিব বুলি আমাৰ বিশ্বাস । এই বুৰঞ্জী প্রণয়ন কৰোঁতে QUAIL ALONG ASSALA কাথবৰুৱাদেৱে ভিন্‌চেণ্ট স্মিথ, ডাঃ মজুমদাৰ, চাৰ যদুনাথ চৰকাৰ, ৰায় খগেন্দ্রনাথ মিত্র বাহাদুৰ, কে, পি, মিত্ৰ আদি ইতিহাসজ্ঞসকলৰ ভাৰত বুৰঞ্জীৰ ঘটনাৰ মতকে অনুসৰণ কৰিছে৷ ইপিনে এই পুথিৰ অসম বুৰঞ্জী ভাগৰ কথাত ৰায় কে, এল, বৰুৱা বাহাদুৰৰ “অতীত কামৰূপৰ-বুৰঞ্জী” আৰু চাৰ এডৱাৰ্ড গেইটৰ “অসম-বুৰঞ্জী”ৰ ঘটনাৰ আলম লৈছে। শিক্ষাবিভাগৰ নতুন পাঠ্যক্রম অনুসৰি অধ্যাপক শ্রীসূৰ্য্যকান্ত বৰপূজাৰী দেৱৰ হতুৱাই সংশোধিত আৰু পৰিবৰ্দ্ধিত কৰি এই সংস্কৰণ উলিওৱা হল। আগৰ দৰে শিক্ষক আৰু ছাত্ৰসকলৰপৰা সমাদৰ পালে পৰম কৃতাৰ্থবোধ কৰিম আৰু লগতে ৺কাথবৰুৱাদেৱৰ স্মৃতিও সজীৱ হৈ থাকিব । 4