সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
অশোক


উদ্দেশ্যে ‘ধৰ্ম্ম মহামাত্ৰ’ নামে একশ্ৰেণীৰ নতুন ৰাজকৰ্ম্মচাৰী নিযুক্ত কৰিলে। অশোকে অকল ৰাজকৰ্ম্মচাৰী আৰু প্ৰচাৰক সকলৰ ওপৰতে নিৰ্ভৰ নকৰি নিজেও ধৰ্ম্মপ্ৰচাৰৰ কাৰণে ৰাজ্য পৰিভ্ৰমণ কৰিছিল৷ তেওঁ বুদ্ধদেৱৰ জন্মস্থান আৰু বৌদ্ধ সকলৰ পবিত্ৰ ঠাইবিলাক পৰিদৰ্শন কৰিছিল।

 অশোকৰ দিনত বৌদ্ধ ধৰ্ম্ম চাৰিওপিনে প্ৰচাৰ হয়। ভাৰতৰ বাহিৰেও বেক্‌ট্ৰীয়া, ইজিপ্ত, মেচিডন, ব্ৰহ্মদেশ, দক্ষিণ চীনত বৌদ্ধ ধৰ্ম্ম প্ৰচাৰ হৈছিল। তেওঁ ধৰ্ম্মৰ সজ উপদেশবিলাক শিলৰ খুঁটাত, পৰ্ব্বতৰ গুহাত আৰু ডাঙৰ শিলত লিখাই প্ৰচাৰ কৰিছিল৷ সকলোৱে বুজিব পৰাকৈ তেওঁ ধৰ্ম্মলিপিখিনি দেশীয় ভাষাত লিখাইছিল।

 ইয়াৰ বাহিৰেও প্ৰজাৰ হকে তেওঁ অনেক সজ কাম কৰিছিল। পানীৰ অভাৱ গুচাবলৈ তেওঁ ঠায়ে ঠায়ে নাদ, ভাগৰুৱা পথিক আৰু পশুৰ ভাগৰ পলুৱাবলৈ বুলি আলিৰ দুয়ো কাষে লাগনী গছ ৰোৱাই দিছিল। মানুহ আৰু পশুৰ বাবে তেওঁ চিকিৎসালয় পতাই দিছিল। আলহী থাকিবৰ সুবিধাৰ অৰ্থে আলহী ঘৰ আৰু তেওঁলোকৰ খোৱা-বোৱাৰ দিহা কৰা হৈছিল। শিক্ষা প্ৰচাৰাৰ্থে বিদ্যালয়ে পতা হৈছিল।

 বৌদ্ধ মহামেল :— তেওঁৰ দিনতে তৃতীয় বৌদ্ধ মহামেল হয়। এই মেলত বৌদ্ধ গ্ৰন্থবিলাকত থক৷ উপদেশখিনি পুনৰ আলোচনা কৰি প্ৰজাক তাৰ সাৰ ভাগ বুজাই দিয়া হৈছিল। ইয়াৰ আগতে আৰু দুখনো বৌদ্ধ মহামেল হৈছিল।