সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
ভাৰত বুৰঞ্জী

 অজাতশত্ৰুৰ মৃত্যুৰ পিছত সেই বংশৰ ৰজাসকল অকৰ্ম্মণ্য হোৱাত হৰ্য্যঙ্ক বংশৰ ক্ষমতা লাহে লাহে লোপ পায়। ইয়াৰ পিছত অমাত্য শিশুনাগ মগধৰ সিংহাসনত উঠে। শিশুনাগবংশৰ শেষৰ জন ৰজাক হত্যা কৰি মহাপদ্মনন্দ নামে অসাধাৰণ শূদ্ৰবীৰ এজনে মগধৰ সিংহাসন অধিকাৰ কৰে।

 নন্দবংশ:—মহাপদ্মনন্দ এই বংশৰ প্ৰথম আৰু প্ৰধান ৰজা৷ তেওঁৰ পিছত এই বংশৰ আৰু আঠ জন ৰজাই নামত হে ৰাজ্যশাসন কৰে। শেষ ৰজা ধননন্দৰ দিনত মহাবীৰ আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰে।

আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণ।

 মহাবীৰ আলেকজেণ্ডাৰ মেচিডনৰ ৰজা ফিলিপৰ পুতেক। সৰুৰে পৰা তেওঁৰ দিগ্বিজয় কৰিবলৈ বৰ হেঁপাহ আছিল। হেঁপাহ পূৰাবৰ অৰ্থে ৰজা হৈয়েই তেওঁ এটা সুনিপুণ ফৌজ গঠন কৰিলে আৰু নিজে এই ফৌজৰ নায়ক হৈ পাৰস্য জয় কৰে। কিছুকালৰ পিছত খৃঃ পুঃ ৩২৭ ত তেওঁ উত্তৰ-পশ্চিম বাটেদি ভাৰতত সোমাই সিন্ধু নৈৰ পাৰ পায়হি। এই সময়ত পঞ্জাৱৰ ৰাজ্যবোৰৰ মাজত সদ্ভাৱ নাছিল। গতিকে ৰজাসকল এক গোট হৈ শত্ৰুৰ বিপক্ষে থিয় দিব নোৱাৰিলে। আলেকজেণ্ডাৰে তক্ষশিলাৰ ৰজাক বিনাযুদ্ধে বশ কৰি ঝীলাম নৈৰ পাৰত পুৰুৰ ৰাজ্য আক্ৰমণ কৰে।